আজিয়েই কৰক এই কাম, নহ’লে বন্ধ হৈ যাব আপোনাৰ ATM কাৰ্ড!

News18 Assam | News18-Assam
Updated:January 31, 2020, 1:57 PM IST
আজিয়েই কৰক এই কাম, নহ’লে বন্ধ হৈ যাব আপোনাৰ ATM কাৰ্ড!
ডাক বিভাগে মেগনেটিক এটিএম কাৰ্ড (Magnetic ATM Card)ৰ স্থানত নিজৰ চেভিংছ একাউণ্ট ধাৰকসকলক ইএমভি চিপ থকা ATM কাৰ্ড (EMV Chip ATM Card) দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি যদি মেগনেটিক কাৰ্ডৰ ব্যৱহাৰ কৰি আছে তেনেহ’লে আজিয়েই নতুন কাৰ্ড লৈ লওক নহ’লে পুৰণি কাৰ্ডৰ ব্যৱহাৰ কৰিব নোৱাৰিব। 

  • Share this:
যদি আপুনি Post Officeত নিজৰ ছেভিংছ একাউণ্ট ৰাখিছে তেনেহ’লে এই কথা আপোনাৰ কাৰণে জৰুৰী। দৰাচলতে ডাক বিভাগে মেগনেটিক এটিএম কাৰ্ড (Magnetic ATM Card)ৰ স্থানত ছেভিংছ একাউণ্ট ধাৰকসকলক ইএমভি চিপ থকা ATM कार्ड (EMV Chip ATM Card) দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি মেগনেটিক কাৰ্ডৰ ব্যৱহাৰ কৰি আছে তেনেহ’লে আজিয়েই নতুন কাৰ্ড লৈ লওক। কাইলৈৰ পৰা আপোনাৰ পুৰণি কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব। মেগনেটিক কাৰ্ডৰ তুলনাত ইএমভি চিপ থকা কাৰ্ড অধিক সুৰক্ষিত হয়। ১ফেব্ৰুৱাৰীৰ পৰা মেগনেটিক কাৰ্ড ব্লক কৰি দিয়া হ’ব। ছেভিংছ একাউণ্ট থকাসকলে হোম ব্ৰাঞ্চত গৈ ইএমভি চিপ থকা কাৰ্ড লৈ ল’ব পাৰে।

EMV চিপ কাৰ্ড কি?–মেগনেটিক কাৰ্ডেৰে পেমেণ্ট কৰিবলৈ আপুনি এবাৰেই স্বোৱাইপ কৰিব লাগে কিন্তু নতুন ইএমভি কাৰ্ডেৰে পেমেণ্ট কৰিবলৈ স্বোৱাইপৰ লগতে পিনো দিব লাগে।

নগদ ধন উলিওৱাৰ সীমা–ইণ্ডিয়া পোষ্টৰ ৱেৱছাইটট দিয়া তথ্য অনুসৰি পোষ্ট অফিচৰ ছেভিংছ একাউণ্টৰ ATM কাৰ্ডেৰে আপুনি দিনটোত সৰ্বাধিক 25,000টকালৈকে ৰাশি উলিয়াব পাৰে। এবাৰৰ ট্ৰানজেকচনত আপুনি সৰ্বাধিক 10,000টকালৈকে উলিয়াব পাৰে।

কিমান চাৰ্জ দিব লাগে?

>> পোষ্ট অফিচৰ ছেভিংছ একাউণ্টৰ ATM কাৰ্ডেৰে মেট্ৰ’ চহৰত অন্য বেংকৰ ATMৰ পৰা এমাহত তিনিটা বিনামূলীয়া ট্ৰানজেকচন লাভ কৰে।
>> নন মেট্ৰ’ চহৰত 5টা বিনামূলীয়া ট্ৰানজেকচন লাভ কৰে।
>> বিনামূলীয়া ট্ৰানজেকচনৰ লিমিট শেষ হোৱাৰ পিছত পোষ্ট অফিচৰ ছেভিংছ একাউণ্টৰ ATMকাৰ্ডৰ জৰিয়তে অন্য বেংকৰ ATMৰ পৰা বিত্তীয় তথা অন্য ট্ৰেনজেকচনত 20 रुपये+ GST চাৰ্জ দিব লাগিব প্ৰতিবাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি