• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ডাকঘৰৰ এই আঁচনিয়ে দিছে অধিক ৰিটাৰ্ণৰ সুযোগ! ১০ হাজাৰ টকা বিনিয়োগ কৰি লাভ কৰক ১৬ লাখ পৰ্যন্ত টকা...

ডাকঘৰৰ এই আঁচনিয়ে দিছে অধিক ৰিটাৰ্ণৰ সুযোগ! ১০ হাজাৰ টকা বিনিয়োগ কৰি লাভ কৰক ১৬ লাখ পৰ্যন্ত টকা...

১০ হাজাৰ টকাৰ বিনিয়োগত ১৬ লাখতকৈ অধিক লাভ কৰিব পাৰিব! জানি লওক প্ৰক্ৰিয়া

১০ হাজাৰ টকাৰ বিনিয়োগত ১৬ লাখতকৈ অধিক লাভ কৰিব পাৰিব! জানি লওক প্ৰক্ৰিয়া

১০ হাজাৰ টকাৰ বিনিয়োগত ১৬ লাখতকৈ অধিক লাভ কৰিব পাৰিব! জানি লওক প্ৰক্ৰিয়া

  • Share this:
আপুনি সম্পূৰ্ণ সুৰক্ষিত বিনিয়োগ বিচাৰি আছে যদি ডাকঘৰৰ এই আঁচনিৰ অংশীদাৰ হ'ব পাৰে। কম টকা বিনিয়োগ কৰি অধিক ৰিটাৰ্ণ লাভ কৰিবলৈ Post Office Recurring Depositৰ সুবিধা গ্ৰহণ কৰক। এই আঁচনিৰ জৰিয়তে, আপুনি অতি কম ধনেৰে বিনিয়োগ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰিও, আপোনাৰ ধনো সম্পূৰ্ণ সুৰক্ষিত হ'ব।  মাহে ১০০ টকাৰ পৰা বিনিয়োগ কৰিব পাৰে এই আঁচনিৰ অধীনত। ডাকঘৰ আৰডি জমা একাউণ্ট হৈছে উন্নত সুতৰ হাৰৰ সৈতে সৰু কিস্তি জমা কৰাৰ এক চৰকাৰী গেৰাণ্টি আঁচনি।

ডাকঘৰত খোলা আৰডি একাউণ্টটো ৫ বছৰৰ বাবে। তাতকৈ কম সময়ৰ বাবে খোলা নহয়। প্ৰতি তিনিমাহত জমাৰ ওপৰত সুত গণনা কৰা হয়। তাৰ পিছত ইয়াক চক্ৰবৃদ্ধি সুতৰ (compound interest) সৈতে প্ৰতি তিনিমাহৰ শেষত আপোনাৰ একাউণ্টত যোগ দিয়া হয়। ইণ্ডিয়া ডাকঘৰৰ ৱেবছাইটঅনুসৰি, আৰডি আঁচনিখনত বৰ্তমান ৫.৮ শতাংশ সুত আদায় কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি তিনিমাহত ইয়াৰ সকলো সৰু সঞ্চয় আঁচনিত (small saving schemes) প্ৰতি তিনিমাহত সুতৰ হাৰ ঘোষণা কৰে।

১০ হাজাৰ টকাৰ বিনিয়োগত ১৬ লাখতকৈ অধিক লাভ কৰিব পাৰিব-
যদি আপুনি প্ৰতি মাহে ডাকঘৰৰ আৰডি আঁচনিত ১০,০০০ টকা বিনিয়োগ কৰে, সেয়াও ১০ বছৰৰ বাবে, আপুনি শেষত ১৬,২৬,৪৭৬ টকা লাভ কৰিব।
Published by:Himangshu Bhuyan
First published: