• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • নাই কোনো শংকা! ১০ হাজাৰ টকা জমা কৰিলে লাভ কৰিব ১৬ লাখ পৰ্যন্ত টকা! ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানি লওক...

নাই কোনো শংকা! ১০ হাজাৰ টকা জমা কৰিলে লাভ কৰিব ১৬ লাখ পৰ্যন্ত টকা! ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানি লওক...

ডাকঘৰত আৰডি একাউণ্ট ৫ বছৰৰ বাবে খোলা হয়। ইয়াক কম সময়ৰ বাবে বিনিয়োগ কৰিব নোৱাৰি। বাৰ্ষিক সূতৰ হাৰত প্ৰতি তিনিমাহত জমা কৰা ধনৰ ওপৰত সূত গণনা কৰা হয়।

ডাকঘৰত আৰডি একাউণ্ট ৫ বছৰৰ বাবে খোলা হয়। ইয়াক কম সময়ৰ বাবে বিনিয়োগ কৰিব নোৱাৰি। বাৰ্ষিক সূতৰ হাৰত প্ৰতি তিনিমাহত জমা কৰা ধনৰ ওপৰত সূত গণনা কৰা হয়।

ডাকঘৰত আৰডি একাউণ্ট ৫ বছৰৰ বাবে খোলা হয়। ইয়াক কম সময়ৰ বাবে বিনিয়োগ কৰিব নোৱাৰি। বাৰ্ষিক সূতৰ হাৰত প্ৰতি তিনিমাহত জমা কৰা ধনৰ ওপৰত সূত গণনা কৰা হয়।

  • Share this:
সকলোৱেই শংকাবিহীন ভাবে ধন বিনিয়োগ কৰিব বিচাৰে। যদি আপুনি সম্পূৰ্ণ সুৰক্ষিত বিনিয়োগ বিচাৰি আছে তেন্তে ডাকঘৰৰ সঞ্চয় আঁচনিসমূহক এক ভাল বিকল্প হিচাপে গ্ৰহণ কৰিব পাৰে। ডাকঘৰৰ সৰু সঞ্চয় আঁচনি বেংকৰ ফিক্সড ডিপজিটতকৈ বহুক্ষেত্ৰত লাভজনক। ইয়াৰ  জৰিয়তে কম টকা বিনিয়োগ কৰি অধিক ধন উপাৰ্জন কৰিব পৰা যায়।

আৰডি(RD) আঁচনিত অতি কম পৰিমাণৰ ধনেৰে আৰম্ভ কৰিব পাৰিব বিনিয়োগঃ

আপুনি ডাকঘৰৰ ৰেকাৰিং ডিপজিট (RD)ৰ জৰিয়তে অতি কম পৰিমাণৰ ধনেৰে বিনিয়োগ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰিও, এই আঁচনিত আপোনাৰ ধনো সম্পূৰ্ণ সুৰক্ষিত। আপুনি ইয়াত মাহে ১০০ টকাৰ পৰা বিনিয়োগ আৰম্ভ কৰিব পাৰে। আনহাতে, সৰ্বাধিক পৰিমাণৰ বিনিয়োগৰ কোনো সীমা নাই অৰ্থাৎ আপুনি যিমান বিচাৰে সিমান টকা বিনিয়োগ কৰিব পাৰে। ডাকঘৰ আৰডি ডিপজিট একাউণ্ট হৈছে উন্নত সূতৰ হাৰৰ সৈতে সৰু কিস্তি জমা কৰাৰ চৰকাৰৰ গেৰাণ্টি আঁচনি।

ডাকঘৰত আৰডি একাউণ্ট ৫ বছৰৰ বাবে খোলা হয়। ইয়াক কম সময়ৰ বাবে বিনিয়োগ কৰিব নোৱাৰি। বাৰ্ষিক সূতৰ হাৰত প্ৰতি তিনিমাহত জমা কৰা ধনৰ ওপৰত সূত গণনা কৰা হয়। ইয়াৰ পিছত প্ৰতি তিনিমাহৰ শেষত একাউণ্টত চক্ৰবৃদ্ধি সূতৰ (Compound Interest) সৈতে সংযোজিত কৰা হয়। ভাৰতীয় ডাকঘৰৰ ৱেবছাইট অনুসৰি, বৰ্তমান আৰডি আঁচনিত ৫.৮ শতাংশ সূত পৰিশোধ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি তিনিমাহত ইয়াৰ সকলো ক্ষুদ্ৰ সঞ্চয় আঁচনিত (Small Saving Schemes) সূতৰ হাৰ ঘোষণা কৰে।

১০,০০০ টকাৰ বিনিয়োগত ১৬ লাখতকৈ অধিক লাভঃ

যদি আপুনি ডাকঘৰৰ আৰডি(RD) আঁচনিত ১০ বছৰৰ বাবে প্ৰতি মাহে ১০,০০০ টকা বিনিয়োগ কৰে, আপুনি মিচিউৰিটীৰ সময়ত ১৬,২৬,৪৭৬ লাখ টকা লাভ কৰিব। যদি আপুনি সময়মতে আৰ.ডি. কিস্তি জমা নকৰে, আপুনি জৰিমনা পৰিশোধ কৰিব লাগিব। যদি কিস্তিটো পলম হয় তেন্তে আপুনি প্ৰতি মাহে এক শতাংশ জৰিমনা পৰিশোধ কৰিব লাগিব। লগতে, যদি আপুনি একেৰাহে ৪ বাৰ কিস্তি জমা নিদিয়ে তেন্তে আপোনাৰ একাউণ্ট বন্ধ কৰা হ'ব। অৱশ্যে, একাউণ্টটো বন্ধ হ'লে ইয়াক পৰৱৰ্তী ২ মাহৰ বাবে পুনৰ সক্ৰিয় কৰিব পাৰি।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি