পোষ্ট অফিচৰ এই আঁচনিৰ কথা জানেনে? ১০ হাজাৰকৈ জমা কৰিলে পাব ১৬ লাখ টকা!

News18 Assam | News18-Assam
Updated:February 23, 2021, 11:03 AM IST
পোষ্ট অফিচৰ এই আঁচনিৰ কথা জানেনে? ১০ হাজাৰকৈ জমা কৰিলে পাব ১৬ লাখ টকা!
এই আঁচনিখনত অতি কমেও ১০০ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰি।

এই আঁচনিখনত অতি কমেও ১০০ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰি।

  • News18 Assam
  • Last Updated: February 23, 2021, 11:03 AM IST
  • Share this:
ডাকঘৰ অৰ্থাৎ পোষ্ট অফিচৰ আঁচনিবোৰৰ বিষয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াত কম পৰিমাণৰ ধনতো বহু উন্নত ৰিটাৰ্ণ উপলব্ধ হয় আৰু ইয়াৰ ভিতৰত অন্যতম হৈছে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট। এই আঁচনিখনত অতি কমেও ১০০ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰি।

যদিহে আপুনি সম্পূৰ্ণৰূপে সুৰক্ষিত এক বিনিয়োগৰ সন্ধানত আছে অৰ্থাৎ আপোনাৰ বিনিয়োগৰ ওপৰত আপুনি কোনোধৰণৰ বিপদৰ আশংকা নথকাটো বিচাৰিছে, তেন্তে ডাকঘৰ অৰ্থাৎ পোষ্ট অফিচ হ'ব পাৰে আপোনাৰ বাবে এটা উত্তম বিকল্প।

পোষ্ট অফিচৰ আঁচনিবোৰৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব ভাল লাভালাভ তথা ৰিটাৰ্ণ। পোষ্ট অফিচৰ স্মল ছেভিং অৰ্থাৎ ক্ষুদ্ৰ সঞ্চয় আঁচনিখন অতি উন্নতমানৰ। ইয়াত কম ধন বিনিয়োগ কৰিও আপুনি এক বুজন পৰিমাণৰ উপাৰ্জন কৰিব পাৰে। পোষ্ট অফিচৰ এনে এটা আঁচনিৰ নাম হৈছে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট। য'ত বিনিয়োগৰ জৰিয়তে আপুনি ভাল ৰিটাৰ্ণ লাভ কৰিব।

পোষ্ট অফিচৰ এই ৰেকাৰিং ডিপজিট চমুকৈ আৰ ডি আঁচনি কি?

সামগ্ৰিকভাৱে এই আঁচনিৰ জৰিয়তে আপুনি অতি কম পৰিমাণৰ ধনেৰে বিনিয়োগ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰি আপোনাৰ ধন ইয়াত সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব। আপুনি মাহত ১০০ টকাৰ পৰা বিনিয়োগ কৰিব পাৰে আৰু অধিক বিনিয়োগৰ কোনো সীমা নাই। পোষ্ট অফিচ আৰ ডি ডিপজিট একাউণ্ট হৈছে উন্নত সুতৰ হাৰৰ সৈতে নিম্নমানৰ কিস্তি জমা কৰাৰ বাবে এখন গেৰাণ্টি থকা চৰকাৰী আঁচনি।

পোষ্ট অফিচত খোলা আৰ ডি একাউণ্টটো ৫ বছৰৰ বাবে খোলা হয়। ইয়াতকৈ কম সময়ৰ বাবে ইয়াক খুলিব নোৱাৰি। প্ৰতি তিনিমাহে জমা ধনৰ ওপৰত সুত গণনা কৰা হয়। ইয়াৰ পিছত ইয়াক প্ৰতি তিনিমাহত আপোনাৰ একাউণ্টৰ জমাধনৰ সৈতে যোগ কৰা হয়। ইণ্ডিয়া পোষ্ট অফিচৰ ৱেবছাইট অনুসৰি, আৰ ডি আঁচনিত বৰ্তমানে ৫.৮ শতাংশ সুত প্ৰদান কৰি থকা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি তিনিমাহে ইয়াৰ সকলো স্মল ছেভিং আঁচনিত প্ৰতি তিনিমাহে সুতৰ হাৰ ঘোষণা কৰে।

১০ হাজাৰ টকা বিনিয়োগ কৰিলে লাভ কৰিব ১৬ লাখতকৈ অধিক ধন -

যদি আপুনি পোষ্ট অফিচৰ আৰ ডি আঁচনিত ১০ বছৰৰ বাবে প্ৰতিমাহে ১০ হাজাৰ টকাকৈ  বিনিয়োগ কৰে। তেন্তে আপুনি অৱশেষত ১৬,২৭,৪৭৬ টকা লাভ কৰিব।

আৰ জি একাউণ্টৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা  -

যদি আপুনি সময়মতে আৰ ডি কিস্তি জমা নকৰে তেতিয়া আপুনি ইয়াৰ বাবে জৰিমনা পৰিশোধ কৰিব লাগিব। কিস্তি পলম হ'লে আপুনি প্ৰতি মাহে এক শতাংশ জৰিমনা পৰিশোধ কৰিব লাগিব। একে সময়তে যদি আপুনি একেৰাহে ৪টাকৈ কিস্তি জমা নকৰে তেতিয়া আপোনাৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ব। অৱশ্যে একাউণ্টটো বন্ধ হ'লেও ইয়াক পৰৱৰ্তী ২ মাহৰ বাবে পুনৰ সক্ৰিয় কৰিব পাৰিব।
Published by: Sanjay Kumar Das
First published: February 23, 2021, 11:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি