পোষ্ট অফিচৰ আঁচনিবোৰৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব ভাল লাভালাভ তথা ৰিটাৰ্ণ। পোষ্ট অফিচৰ স্মল ছেভিং অৰ্থাৎ ক্ষুদ্ৰ সঞ্চয় আঁচনিখন অতি উন্নতমানৰ।
পোষ্ট অফিচৰ আঁচনিবোৰৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব ভাল লাভালাভ তথা ৰিটাৰ্ণ। পোষ্ট অফিচৰ স্মল ছেভিং অৰ্থাৎ ক্ষুদ্ৰ সঞ্চয় আঁচনিখন অতি উন্নতমানৰ।
ডাকঘৰ অৰ্থাৎ পোষ্ট অফিচৰ আঁচনিবোৰৰ বিষয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, ইয়াত কম পৰিমাণৰ ধনতো বহু উন্নত ৰিটাৰ্ণ উপলব্ধ হয়। যদিহে আপুনি সম্পূৰ্ণৰূপে সুৰক্ষিত এক বিনিয়োগৰ সন্ধানত আছে অৰ্থাৎ আপোনাৰ বিনিয়োগৰ ওপৰত আপুনি কোনোধৰণৰ বিপদৰ আশংকা নথকাটো বিচাৰিছে, তেন্তে ডাকঘৰ অৰ্থাৎ পোষ্ট অফিচ হ'ব পাৰে আপোনাৰ বাবে এটা উত্তম বিকল্প। পোষ্ট অফিচৰ আঁচনিবোৰৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব ভাল লাভালাভ তথা ৰিটাৰ্ণ। পোষ্ট অফিচৰ স্মল ছেভিং অৰ্থাৎ ক্ষুদ্ৰ সঞ্চয় আঁচনিখন অতি উন্নতমানৰ। ইয়াত কম ধন বিনিয়োগ কৰিও আপুনি এক বুজন পৰিমাণৰ উপাৰ্জন কৰিব পাৰে।
গ্ৰাম সুৰক্ষা যোজনা (Gram Suraksha Scheme) হৈছে এনে এক আঁচনি। ডাকঘৰৰ এই ক্ষুদ্ৰ সঞ্চয় আঁচনিয়ে আপোনাক এক ডাঙৰ ৰিটাৰ্ণ (Investment and Return) প্ৰদান কৰে। আপুনি এই আঁচনিত মাহে ১,৫০০ টকা জমা কৰি ৩৫ লাখ টকা লাভ কৰিব পাৰে।
গ্ৰাম সুৰক্ষা যোজনাত বিনিয়োগ কৰা সকলে ৩৫ লাখ টকাৰ সম্পূৰ্ণ লাভালাভ লাভ কৰে। এই আঁচনিৰ এই পৰিমাণ ৮০ বছৰ বয়সত বিনিয়োগকাৰীৰ বাবে বোনাচৰ সৈতে উপলব্ধ। যদি আঁচনিখনত বিনিয়োগ কৰা ব্যক্তি এজনৰ ৮০ বছৰ বয়সৰ আগতে মৃত্যু হয়, তেন্তে তেওঁৰ নমিনীয়ে পৰিমাণটো লাভ কৰে। ভাৰতৰ যিকোনো নাগৰিকে ১৯ বছৰৰ পৰা ৫৫ বছৰলৈকে গ্ৰাম সুৰক্ষা যোজনাত বিনিয়োগ কৰিব পাৰে। এই আঁচনিৰ অধীনত ১০ হাজাৰ টকাৰ পৰা ১০ লাখ টকালৈকে বিনিয়োগ কৰিব পাৰি।
যদি আপুনি ১৯ বছৰ বয়সত এই আঁচনি খনত ধন বিনিয়োগ কৰে, তেন্তে ৫৫ বছৰৰ বাবে প্ৰতি মাহে ১৫১৫ টকা প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব। ৫৮ বছৰৰ বাবে আপুনি ১৪৬৩ টকাৰ প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব আৰু ৬০ বছৰৰ বাবে আপুনি ১৪১১ টকাৰ মাহিলী প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|