ভয়াৱহ প্ৰদূষণৰ কবলত নতুন দিল্লী, স্বাস্থ্যকালীন জৰুৰী অৱস্থা ঘোষণা, বন্ধ শিক্ষানুষ্ঠান

প্ৰদূষণে ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে নতুন দিল্লীত। চাৰিওফালে কেৱল ধোৱা–ধূলিময় পৰিবেশ

News18-Assam
Updated:November 3, 2019, 2:21 PM IST
ভয়াৱহ প্ৰদূষণৰ কবলত নতুন দিল্লী, স্বাস্থ্যকালীন জৰুৰী অৱস্থা ঘোষণা, বন্ধ শিক্ষানুষ্ঠান
Source-Google
News18-Assam
Updated: November 3, 2019, 2:21 PM IST
প্ৰদূষণে ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে নতুন দিল্লীত। চাৰিওফালে কেৱল ধোৱা–ধূলিময় পৰিবেশ। বাঢ়ি অহা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ‘Environment Pollution Prevention and Control Authority’ চমুকৈ EPCA এ শুকুৰবাৰে দিল্লীত স্বাস্থ্যকালীন জৰুৰী অৱস্থা ঘোষণা কৰিছে। দীপাৱলীৰ পিছত বিশেষকৈ অধিক ভয়াৱহ হৈছে পৰিস্থিতি। প্ৰদূষণৰ ফলত ইতিমধ্যে বহুলোক হাপানী, চৰ্মাৰোগ, হাওফাওৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে।

AIIMS ৰ ডাইৰেক্টৰ ডাঃ ৰণদ্বীপ গুলেৰীয়াই কোৱা মতে, দিল্লীক ক্ৰমাৎ বৃদ্ধি পাইছে শ্বাস–প্ৰশ্বাস জনিত ৰোগ। সেইদৰে হৃদৰোগ আৰু শ্বাস প্ৰশ্বাস জনিত সমস্যাত ভোগা ৰোগীৰ সংখ্যা আগতকৈ প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে।

প্ৰদূষণৰ বাবে মঙলবাৰলৈকে বন্ধ ঘোষণা কৰা হৈছে দিল্লীৰ শিক্ষানুষ্ঠান সমূহ।অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ যদি কোনো বিজ্ঞানসন্মত উপায় উলিয়াব নোৱাৰে তেন্তে পৰিস্থিত অধিক অবনমিত হোৱাৰ সম্ভাৱনাই অধিক।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি