কনিকা কাপুৰৰ সন্মুখত নতুন বিপদ, আৰক্ষী চকীত হাজিৰ হোৱাৰ নিৰ্দেশ

News18 Assam | News18-Assam
Updated:April 27, 2020, 10:13 PM IST
কনিকা কাপুৰৰ সন্মুখত নতুন বিপদ, আৰক্ষী চকীত হাজিৰ হোৱাৰ নিৰ্দেশ
লণ্ডনৰ পৰা ঘূৰি অহাৰ পিছতে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছিল কনিকা কাপুৰ

লণ্ডনৰ পৰা ঘূৰি অহাৰ পিছতে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছিল কনিকা কাপুৰ

  • Share this:
ইটোৰ পিছত সিটো বিপদ জনপ্ৰিয় কণ্ঠশিল্পী কনিকা কাপুৰৰ সন্মুখত। কোৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ কণ্ঠশিল্পীগৰাকীয়ে এতিয়া নিজৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিছে। কিন্তু হঠাত্‍ সোমবাৰে উত্তৰ প্ৰদেশ আৰক্ষীৰ এটি দল কণ্ঠশিল্পীগৰাকীৰ ঘৰত উপস্থিত হৈ দিয়ে এখন বিশেষ নটিছ।



অহা ৩০ এপ্ৰিলত কণ্ঠশিল্পীগৰাকীক আৰক্ষীৰ চকীত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। কনিকাৰ বিৰুদ্ধে সমাজৰ প্ৰতি অবহেলা আৰু দায়িত্বহীনতাৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ।

উল্লেখযোগ্য যে, লণ্ডনৰ পৰা ঘূৰি অহাৰ পিছতে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছিল কনিকা কাপুৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading