ৰে'লৱে বিভাগে সলাইছে পুৰণি নিয়ম

যাত্ৰীৰ সুবিধাৰ প্ৰতি সদায়েই লক্ষ্য ৰাখিছে ভাৰতীয় ৰেল বিভাগে। PNR আৰু বৰ্ডিংৰ ক্ষেত্ৰত ৰেল বিভাগে আনিছে নতুন নিয়ম ।যদি ৰেল যাত্ৰীয়ে সংযোগকাৰী ৰেলৰ বাবে টিকট কৰি যদি ৰেল ধৰিব নোৱাৰে অতি সহজেই ৰেল বিভাগে যাত্ৰীক ঘূৰাই দিব টিকটৰ বাবে খৰচ কৰা ধনৰাশি !

news18assam
Updated:May 12, 2019, 11:18 AM IST
ৰে'লৱে বিভাগে সলাইছে পুৰণি নিয়ম
যাত্ৰীৰ সুবিধাৰ প্ৰতি সদায়েই লক্ষ্য ৰাখিছে ভাৰতীয় ৰেল বিভাগে। PNR আৰু বৰ্ডিংৰ ক্ষেত্ৰত ৰেল বিভাগে আনিছে নতুন নিয়ম ।যদি ৰেল যাত্ৰীয়ে সংযোগকাৰী ৰেলৰ বাবে টিকট কৰি যদি ৰেল ধৰিব নোৱাৰে অতি সহজেই ৰেল বিভাগে যাত্ৰীক ঘূৰাই দিব টিকটৰ বাবে খৰচ কৰা ধনৰাশি !
news18assam
Updated: May 12, 2019, 11:18 AM IST
PNR আৰু বৰ্ডিংৰ ক্ষেত্ৰত ৰেল বিভাগে আনিছে নতুন নিয়ম ।
ৰেল বিভাগে জাৰি কৰা নতুন চাৰ্কুলাৰ অনুসৰি এতিয়াৰ পৰা যাত্ৰীৰ দুখন ৰেলৰ PNR এবাৰত কৰা যাত্ৰাৰ বাবে লিংক কৰিব পৰা হ’ব ।যাত্ৰীৰ সুবিধাৰ প্ৰতি সদায়েই লক্ষ্য ৰাখিছে ভাৰতীয় ৰেল বিভাগে । চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৰে'ল বিভাগে PNR সম্বন্ধীয় এটা নিয়মত কৰিছে কিছু সাল সলনি । যদি ৰে'ল যাত্ৰীয়ে সংযোগকাৰী ৰেলৰ বাবে টিকট কৰি যদি ৰেল ধৰিব নোৱাৰে তেন্তে  সহজেই যাত্ৰীয়ে লাভ কৰিব টিকটৰ বাবে খৰচ কৰা ধনৰাশি । এই সুবিধা আপুনি তেতিয়াহে লাভ কৰিব যেতিয়া যাত্ৰাকালত আপোনাৰ প্ৰথম ৰেলখনত হোৱা পলমৰ বাবে আপুনি নিজৰ পৰৱৰ্তী ৰেলখন ধৰিব নোৱাৰিব ।

সেইদৰে ৰে'লৱে বৰ্ডিংৰ ক্ষেত্ৰটো ৰে'ল বিভাগে সাল সলনি কৰিছে নিয়ম ।

এতিয়াৰ পৰা ৰেল এৰাৰ ৪ ঘন্টাৰ আগত যাত্ৰীয়ে বিচাৰিলে নিজৰ Boarding point সলনি কৰিব পাৰিব । ৰিজাৰ্ভেচন শ্ৰেণীৰ পৰা তত্‍কাল শ্ৰেণী লৈকে, সকলো শ্ৰেণীৰ টিকটত যাত্ৰীয়ে লাভ কৰিব এই সুবিধা । ১৩৯ নম্বৰত ফোন কৰিও যাত্ৰীয়ে সলনি কৰিব পাৰিব নিজৰ Boarding point । সেইদৰে ই–টিকট কৰা যাত্ৰীয়ে IRCTC ৱেবচাইটত গৈ সলনি কৰিব পাৰিব নিজৰ Boarding point ।
আৰু চাওক পৰৱৰ্তী বাতৰি