ইয়াৰ মাজতে বহু বেংকে বৰ্তমান তেওঁলোকৰ ফিক্সড ডিপোজিট (FD) জমাৰ ওপৰত সুতৰ হাৰ বৃদ্ধি কৰিছে। একে সময়তে কিছুমান বেংকে নতুন FD আঁচনিও আৰম্ভ কৰিছে। দেশৰ দ্বিতীয়টো সৰ্ববৃহৎ বেংক পঞ্জাৱ নেচনেল বেংক (PNB)ও FDৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি লৈ আহিছে এক FD বিশেষ আঁচনি ।
৭ দিনৰ পৰা ১০ বছৰলৈ কৰিব পাৰে FD -
লক্ষ্যণীয় যে বেংকত ৭ দিনৰ পৰা ১০ বছৰলৈকে FD কৰিব পাৰি । যদিও নিজৰ হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্য অনুসৰি সুবিধা অনুসৰি হ্ৰস্ব বা দীৰ্ঘম্যাদী FD আঁচনি গ্ৰহণ কৰাটো গ্ৰাহকৰ ওপৰতেই নিৰ্ভৰ কৰে।
PNBৰ উত্তম ফিক্সড ডিপোজিট -
PNB বেংকৰ 'উত্তম ফিক্সড ডিপোজিট'(Uttam Fixed Deposit Scheme) আঁচনি হৈছে এক নন কলেবল FD আঁচনি । এই আঁচনিখনত ১৫ লাখ টকাৰ অধিক কিন্তু ২ কোটি টকাতকৈ কম টাৰ্ম ডিপোজিট (Term Deposit) কৰিব পাৰি । ১ জানুৱাৰী ২০২১ পৰা ইয়াক প্ৰযোজ্য কৰা হৈছে ।