আপোনাৰ পঞ্জাৱ নেচনেল বেংকত একাউণ্ট আছে নেকি ? PNBৰ গ্ৰাহকসকলৰ বাবে কি সতৰ্কবাণী জাৰি কৰা হৈছে ?

News18 Assam | News18-Assam
Updated:June 10, 2021, 4:07 PM IST
আপোনাৰ পঞ্জাৱ নেচনেল বেংকত একাউণ্ট আছে নেকি ? PNBৰ গ্ৰাহকসকলৰ বাবে কি সতৰ্কবাণী জাৰি কৰা হৈছে ?
পিএনবি গ্ৰাহকসকলে অনলাইন বেঙ্কিং, ইউ.পি.আই.(UPI)ৰ জৰিয়তে ধনৰ লেনদেনত অসুবিধাৰ সন্মুখীন হৈছে। বেংকে এতিয়া এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে।

পিএনবি গ্ৰাহকসকলে অনলাইন বেঙ্কিং, ইউ.পি.আই.(UPI)ৰ জৰিয়তে ধনৰ লেনদেনত অসুবিধাৰ সন্মুখীন হৈছে। বেংকে এতিয়া এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে।

  • Share this:
যদি আপুনি পঞ্জাৱ নেচনেল বেঙ্কৰ (PNB) গ্ৰাহক আৰু ইণ্টাৰনেট বেঙ্কিং ব্যৱহাৰ কৰে, ই আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। পিএনবি গ্ৰাহকসকলে অনলাইন বেঙ্কিং, ইউ.পি.আই.(UPI)ৰ জৰিয়তে ধনৰ লেনদেনত অসুবিধাৰ সন্মুখীন হৈছে। বেংকে এতিয়া এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। পিএনবিয়ে গ্ৰাহকসকলে সন্মুখীন হোৱা অসুবিধাৰ বাবে ক্ষমা বিচাৰিছে। একে সময়তে, বেঙ্কে ইয়াৰ গ্ৰাহকসকলক আশ্বাস দিছে যে সমাধানৰ বাবে চেষ্টা কৰা হৈছে।

পিএনবিয়ে কি কৈছিল জানি লওক?
দৰাচলতে, টুইটাৰত, পিএনবিৰ গ্ৰাহকে বেংকবোৰক টেগ কৰি কৈছিল যে তেওঁলোকৰ নেট বেংকিঙে কাম কৰা নাই। গ্ৰাহকৰ টুইটটোৰ উত্তৰ পিএনবিৰ অফিচিয়েল একাউণ্টৰ পৰা দিয়া হৈছে। বেঙ্কে ইয়াক কাৰিকৰী সমস্যা বুলি অভিহিত কৰি কৈছে, 'মৰমৰ গ্ৰাহক, আপোনাৰ অসুবিধাৰ বাবে আমি দুঃখিত। আমাৰ (Internet banking,UPI, APP) সেৱাবোৰে কিছুমান কাৰিকৰী কাৰণত অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ দলে ইয়াক ভাল কৰাৰ চেষ্টা চলাই আছে।




পিএনবিয়ে সঞ্চয় একাউণ্টত মোটা ৰিটাৰ্ণ প্ৰদান কৰিছে

যদি আপুনি সুৰক্ষিতভাৱে টকা উপাৰ্জন কৰাৰ পৰিকল্পনা কৰি আছে, আপুনি সঞ্চয় একাউণ্টত (Savings Accounts) টকা উপাৰ্জন কৰিব পাৰে। পঞ্জাৱ নেচনেল বেঙ্কে বৰ্তমান সঞ্চয় একাউণ্টৰ ওপৰত সৰ্বাধিক সুত পৰিশোধ কৰি আছে। পিএনবিৰ সুতৰ হাৰ হৈছে ৩% ৰ পৰা ৩.৫%, নিম্নতম বেলেন্স ৰখাৰ সীমা হৈছে ৫০০ ৰ পৰা ২০০০ টকা।
Published by: Kokil Sarma
First published: June 10, 2021, 4:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি