உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • যদি আপোনাৰ এই বেংকত একাউণ্ট আছে তেন্তে বিনামূলীয়াকৈ পাব ২০ লাখ টকাৰ সুবিধা, জানক কেনেকৈ?

    যদি আপোনাৰ এই বেংকত একাউণ্ট আছে তেন্তে বিনামূলীয়াকৈ পাব ২০ লাখ টকাৰ সুবিধা, জানক কেনেকৈ?

    এই একাউণ্টৰ নাম পিএনবি মাই ছেলাৰী একাউণ্ট (PNB MySalary Account)। ইয়াত বেংকৰ ফালৰ পৰা গ্ৰাহকক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে। আহক জানো এই একাউণ্টৰ বিষয়ে।

    এই একাউণ্টৰ নাম পিএনবি মাই ছেলাৰী একাউণ্ট (PNB MySalary Account)। ইয়াত বেংকৰ ফালৰ পৰা গ্ৰাহকক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে। আহক জানো এই একাউণ্টৰ বিষয়ে।

    এই একাউণ্টৰ নাম পিএনবি মাই ছেলাৰী একাউণ্ট (PNB MySalary Account)। ইয়াত বেংকৰ ফালৰ পৰা গ্ৰাহকক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে। আহক জানো এই একাউণ্টৰ বিষয়ে।

    • Share this:
    যদি আপুনি পঞ্জাব নেচনেল বেংক (Punjab national bank)ত একাউণ্ট খোলে তেন্তে আপুনি পাব ২০ লাখ টকাৰ সুবিধা। যদি আপুনি চাকৰি কৰে তেন্তে এই বেংকত একাউণ্ট খুলিব পাৰে। এই একাউণ্টৰ নাম পিএনবি মাই ছেলাৰী একাউণ্ট (PNB MySalary Account)। ইয়াত বেংকৰ ফালৰ পৰা গ্ৰাহকক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে। আহক জানো এই একাউণ্টৰ বিষয়ে।

    PNB–এ দিব এই সুবিধা

    PNBৰ মতে, নিজৰ দৰমহাৰ আৰু ভালদৰে মেনেজ কৰিব বিচাৰে তেন্তে PNB MySalary Account খোলক। ইয়াৰ সৈতে ব্যক্তিগত দুৰ্ঘটনা বীমাৰ সৈতে অভাৰড্ৰাফ্ট আৰু ছুইপৰ সুবিধা লাভ কৰিব।

    জানক কেনেকৈ পাব ২০ লাখৰ সুবিধা

    PNB–এ নিজৰ দৰমহা একাউণ্ট থকাসকলৰ ইন্সুৰেঞ্চ কভাৰসহ বিভিন্ন সুবিধা প্ৰদান কৰি আছে। জিৰ’ বেলেঞ্চ আৰু জিৰ’ কোৱাৰ্টাৰলী এভাৰেজ বেলেঞ্চৰ সুবিধা থকা PNB MySalary Account খুলিলে গ্ৰাহকে ২০ লাখ টকাৰ পাৰ্ছনেল এক্সিডেণ্ট কভাৰ লাভ কৰিব।

    এই একাউণ্টৰ চাৰিটা কেটেগৰী

    – এই একাউণ্টত ১০ হাজাৰৰ পৰা ২৫ হাজাৰ প্ৰতিমাহৰ দৰমহা পোৱা গ্ৰাহকক ছিলভাৰ কেটেগৰীত ৰখা হৈছে।

    – ইয়াৰ উপৰি ২৫০০১ টকাৰ পৰা ৭৫ হাজাৰৰ দৰমহাৰ গ্ৰাহকক গ’ল্ডেন কেটেগৰীত ৰখা হৈছে।

    – ৭৫০০১ টকাৰ পৰা ১,৫০,০০০ টকা দৰমহা পোৱা গ্ৰাহকক প্ৰিমিয়াম কেটেগৰীত ৰখা হৈছে।

    – ১,৫০,০০১ টকাৰ অধিক দৰমহা পোৱাসকলক প্লেটিনাম কেটেগৰীত ৰখা হৈছে।

    কেনেকৈ পাব ৩ লাখ টকাৰ সুবিধা

    আপোনাক জনাওঁ যে বেংকৰ ফালৰ পৰা গ্ৰাহকক অভাৰড্ৰাফ্টৰ সুবিধা দিয়া হয়। ছিলভাৰ কেটেগৰীৰ গ্ৰাহকে ৫০ হাজাৰ টকালৈ অভাৰড্ৰাফ্টৰ সুবিধা পাব। ইয়াৰ উপৰি গ’ল্ডেন কেটেগৰীৰ গ্ৰাহকে ১,৫০,০০০ টকা, প্ৰিমিয়াম কেটেগৰীৰ গ্ৰাহকে ২,২৫০০০ আৰু প্লেটিনাম কেটেগৰীৰ গ্ৰাহকে ৩,০০,০০০ টকালৈ অভাৰড্ৰাফ্টৰ সুবিধা পাব।

    এই লিংকত কৰক ভিজিট

    অধিক তথ্যৰ বাবে আপুনি এই লিংকত https://www.pnbindia.in/salary saving products.html গৈ চাব পাৰে।
    Published by:Sanjay Kumar Das
    First published: