শিক্ষাৰ্থীলৈ কেন্দ্ৰীয় চৰকাৰৰ বাম্পাৰ অ’ফাৰ! আগন্তুক পাঁচ বছৰত স্ক’লাৰশ্বীপৰ নামত কেন্দ্ৰীয় চৰকাৰে খৰচ কৰিব ৫৯ হাজাৰ কোটি টকা। কেন্দ্ৰীয় চৰকাৰে সলনি কৰিলে অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীক দিবলগীয়া ছাত্ৰবৃত্তিৰ নিয়মত কিছু সাল সলনি।
এতিয়াৰ পৰা মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তি আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক দিবলগীয়া মুঠ স্ক’লাৰশ্বীপৰ ৬০ শতাংশ কেন্দ্ৰীয় চৰকাৰে বহন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে বহন কৰিব ৪০ শতাংশ। অৰ্থাত্ সৰ্বমুঠ ৫৯ হাজাৰ কোটিৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে খৰচ কৰিব ৩৫, ৫০০ কোটি টকা। প্ৰথম অৱস্থাত এই আঁচনিৰ অধীনত ৪ কোটি ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হ’ব।
কেন্দ্ৰীয় মন্ত্ৰী থাৱৰ চন্দ্ৰ গেহলোটে কৈছে যে, এই আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক বেংক একাউণ্টৰ জৰিয়তে দিয়া হ’ব ধনৰাশি। প্ৰথমে এই আঁচনিৰ ধন কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল। আৰু তাৰ পিছত ৰাজ্য চৰকাৰে জিলা প্ৰশাসনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক দিছিল ধনৰাশি। এই ব্যৱস্থা আছিল অত্যন্ত দীঘলীয়া। সেয়েহে কেন্দ্ৰীয় চৰকাৰে এতিয়া সলনি কৰিছে এই নিয়ম।
চৰকাৰে মেট্ৰিকোত্তৰ ছাত্ৰ বৃত্তি আঁচনিৰ কিছু নিয়ম সলনি এই কাৰণেই কৰিছে যাতে অধিক ছাত্ৰ-ছাত্ৰীক আঁচনিৰ অধীনত সামৰি ল’ব পৰা যায়। এই আঁচনিয়ে একাদশ শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণত যথেষ্ট সুবিধা প্ৰদান কৰে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 24, 2020, 17:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।