உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • কেন্দ্ৰীয় চৰকাৰে চিধাই আপোনাৰ একাউণ্টত দিব ১০,০০০ টকা, মাৰ্চৰ পূৰ্বে কৰক এই কাম, জানক এই আঁচনিৰ বিষয়ে সবিশেষ

    কেন্দ্ৰীয় চৰকাৰে চিধাই আপোনাৰ একাউণ্টত দিব ১০,০০০ টকা, মাৰ্চৰ পূৰ্বে কৰক এই কাম, জানক এই আঁচনিৰ বিষয়ে সবিশেষ

    পিএম স্বনিধি আঁচনিৰ জৰিয়তে চৰকাৰে ষ্ট্ৰীট ভেণ্ডৰ্ছসকলক ১০,০০০ টকাৰ ঋণ প্ৰদান কৰিছে আৰু এই ঋণৰ বাবে কোনো গেৰাণ্টী দিয়া প্ৰয়োজন নাই।

    পিএম স্বনিধি আঁচনিৰ জৰিয়তে চৰকাৰে ষ্ট্ৰীট ভেণ্ডৰ্ছসকলক ১০,০০০ টকাৰ ঋণ প্ৰদান কৰিছে আৰু এই ঋণৰ বাবে কোনো গেৰাণ্টী দিয়া প্ৰয়োজন নাই।

    পিএম স্বনিধি আঁচনিৰ জৰিয়তে চৰকাৰে ষ্ট্ৰীট ভেণ্ডৰ্ছসকলক ১০,০০০ টকাৰ ঋণ প্ৰদান কৰিছে আৰু এই ঋণৰ বাবে কোনো গেৰাণ্টী দিয়া প্ৰয়োজন নাই।

    • Share this:
    PM Svanidhi Yojana: কেন্দ্ৰীয় চৰকাৰে (Central government) বিভিন্ন জনকল্যাণমূলক আঁচনিৰ কাম অব্যাহত ৰাখিছে। ইয়াৰ জৰিয়তে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক বিভিন্ন সুবিধা আৰু আৰ্থিক সাহায্য প্ৰদান কৰিছে। ইয়াৰ মাজৰে এখন আঁচনি হ’ল পিএম স্বনিধি আঁচনি (PM Svanidhi Yojana)। এই আঁচনিৰ হিতাধিকাৰীসকলে চৰকাৰৰ পৰা লাভ কৰিব ১০,০০০কৈ টকা। জানি লওক এই আঁচনিৰ বিষয়ে।

    পিএম স্বনিধি আঁচনিৰ জৰিয়তে চৰকাৰে ষ্ট্ৰীট ভেণ্ডৰ্ছসকলক ১০,০০০ টকাৰ ঋণ প্ৰদান কৰিছে আৰু এই ঋণৰ বাবে কোনো গেৰাণ্টী দিয়া প্ৰয়োজন নাই। ইয়াৰ উপৰি যদি আপুনি এই লোণ সময়মতে ওভতাই দিয়ে তেন্তে আপুনি ৰাজসাহায্যৰো সুবিধা পাব।

    কোনসকলে পাব এই আঁচনিৰ সুবিধা?

    এই আঁচনিৰ সুবিধা নাপিতৰ দোকান, মুচী, পান দোকানী, ধোবী, পাচলি বিক্ৰেতা, ফল বিক্ৰেতা, ৰেডী টু ইট ষ্ট্ৰীট ফুড, চাহৰ ঠেলা, ব্ৰেড পকোৰা বা কণী বিক্ৰেতা, ফেৰীৱালা, ষ্টেচনাৰী বিক্ৰী কৰা লোকে লাভ কৰিব।

    লোণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কথা

    – প্ৰথমে লোণ লোৱাজনৰ ম’বাইল নম্বৰ আধাৰৰ সৈতে লিংক হোৱাটো প্ৰয়োজন।

    – এই লোণ তেওঁলোকে পাব যিসকলে ২৪ মাৰ্চ ২০২০ বা তাৰ পূৰ্বে এনেধৰণৰ কামত জড়িত।

    – এই লোণৰ সময় ২০২২ চনলৈ আছে, যিসকলৰ প্ৰয়োজন শীঘ্ৰে ইয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

    – ষ্ট্ৰীট ভেণ্ডৰ্ছ চহৰ, নগৰীয় বা গ্ৰাম্য হ’লেও কোনো কথা নাই।

    – এই লোণৰ সুদৰ ওপৰত ৰাজসাহায্য আছে, সেয়া চিধাই লোণ লোৱাসকলৰ একাউণ্ট তিনি মাহৰ হিচাপত ট্ৰান্সফাৰ হয়।

    গেৰাণ্টী ফ্ৰী লোণ

    এই আঁচনিৰ জৰিয়তে ষ্ট্ৰীট ভেণ্ডৰ্ছক এবছৰৰ বাবে ১০,০০০ টকাৰ লোণ দিয়া হয়। ঋণ লওঁতাই কোনো ধৰণৰ গেৰাণ্টী দিয়াৰ প্ৰয়োজন নাই। ইয়াৰ উপৰি লোণৰ কিস্তি মাহিলি হিচাপতো দিব পাৰে।

    কিমান পোৱা যাব ৰাজসাহায্য

    যদি ভেণ্ডৰে পিএম স্বনিধি আঁচনিৰ লোণৰ কিস্তি নিয়মিতভাৱে ওভতাই থাকে তেন্তে তেওঁ ৭ শতাংশ বছৰি হিচাপত সুদ প্ৰদান কৰা হয়। এই ৰাজসাহায্য তিনি মাহৰ মূৰত বেংক একাউণ্টৰ জৰিয়তে দিয়া হয়। যদি আপুনি সময়মতে লোণ পৰিশোধ কৰে তেন্তে আপোনাৰ একাউণ্টত সোমাব ৰাজসাহায্য।

    অফিচিয়েল লিংক

    এই লোণৰ বিষয়ে অধিক জানিবলৈ আপুনি এই লিংকত গৈ সবিশেষ চাব পাৰে –  https://pmsvanidhi.mohua.gov.in/
    Published by:Sanjay Kumar Das
    First published: