• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • PM Poshan Scheme: প্ৰধানমন্ত্ৰী পোষণ যোজনাৰ অধীনত মধ্যাহ্ন ভোজন ! ১১কোটিতকৈ অধিক শিশুৱে পাব সুবিধা...

PM Poshan Scheme: প্ৰধানমন্ত্ৰী পোষণ যোজনাৰ অধীনত মধ্যাহ্ন ভোজন ! ১১কোটিতকৈ অধিক শিশুৱে পাব সুবিধা...

বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ ৰাষ্ট্ৰীয় প্ৰকল্প, যাক পূৰ্বতে মধ্যাহ্ন ভোজন আঁচনি বুলি জনা গৈছিল, এতিয়া প্ৰধানমন্ত্ৰী পোষণ যোজনা (PM Poshan Scheme) হিচাপে নামাকৰণ কৰা হৈছে। আঁচনিখনে এতিয়াৰ পৰা প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ বাবেও গৰম খাদ্য পৰিৱেশন কৰিব৷

  • Share this:
বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ ৰাষ্ট্ৰীয় প্ৰকল্প, যাক পূৰ্বতে মধ্যাহ্ন ভোজন আঁচনি বুলি জনা গৈছিল, এতিয়া প্ৰধানমন্ত্ৰী পোষণ যোজনা (PM Poshan Scheme) হিচাপে নামাকৰণ কৰা হৈছে। আঁচনিখনে এতিয়াৰ পৰা প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ বাবেও গৰম খাদ্য পৰিৱেশন কৰিব৷ এই সুবিধাটো আগতে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সীমাবদ্ধ কৰা হৈছিল৷ ইয়াৰ ফলত দেশৰ ১১.২০ লাখ বিদ্যালয়ৰ ১১.৮০ কোটি শিশু উপকৃত হোৱাৰ সম্ভাৱনা আছে৷

আঁচনিখনত আন কেইবাটাও নতুন বিষয় অন্তৰ্ভুক্ত আছে যেনে স্থানীয় মহিলাৰ অন্তৰ্ভুক্তি, বাগিচা নিৰ্মাণত উদগনি দিয়া, ৰন্ধন প্ৰতিযোগিতা আদি। ইয়াৰ উপৰিও, এনিমিক শিশুসকলৰ বাবে পুষ্টিকৰ খাদ্য প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ আৰু বহুতো কাম কৰা হৈছে (Focusing on Ensuring micro-nutrients for school children especially anaemic kids)।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে (Union Education Minister Dharmendra Pradhan) কয়, "কেন্দ্ৰীয় চৰকাৰে অহা পাঁচ বছৰত এই প্ৰকল্পটোত (PM Poshan) ৯৯,০৬১,৭৩ কোটি টকা ব্যয় কৰিব৷ ইয়াৰ ভিতৰত আছে তিথি ভোজন, সামাজিক অডিট, সামাজিক পুষ্টি উদ্যান আদি যি প্ৰকল্পটো সফল কৰাত সহায় কৰিব৷

প্ৰধানমন্ত্ৰী পোষণ যোজনা বৰ্তমান চলি থকা মধ্যাহ্ন ভোজন আঁচনিৰ সৈতে সংযুক্ত কৰা হ'ব। প্ৰকল্পটো ৰাজ্য চৰকাৰৰ সৈতে যুটীয়া উদ্যোগত চলোৱা হ'ব। কিন্তু কেন্দ্ৰই প্ৰকল্পটোৰ বেছিভাগ বিত্তীয় ব্যয় বহন কৰিব। প্ৰধানমন্ত্ৰী পোষণ যোজনা ৫ বছৰৰ বাবে আৰম্ভ কৰা হ'ব আৰু কেন্দ্ৰীয় চৰকাৰেও ইয়াৰ বাবে ব্যয় নিৰ্ধাৰণ কৰিছে। প্ৰকল্পটো বৰ্তমানৰ মধ্যাহ্ন ভোজন প্ৰকল্পৰ সৈতে সংযুক্ত কৰা হ'ব। প্ৰকল্পটো কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সহায়ত চলিব যদিও কেন্দ্ৰই প্ৰকল্পটোৰ বেছিভাগ ব্যয় বহন কৰিব।
Published by:Kokil Sarma
First published: