• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • PM Kisan Samman Nidhi Yojana: ডাঙৰ খবৰ! পিএম কিষাণৰ লাভ্যাৰ্থীৰ একাউণ্টত শীঘ্ৰে সোমাব কিস্তিৰ ধন

PM Kisan Samman Nidhi Yojana: ডাঙৰ খবৰ! পিএম কিষাণৰ লাভ্যাৰ্থীৰ একাউণ্টত শীঘ্ৰে সোমাব কিস্তিৰ ধন

এতিয়ালৈ এই আঁচনিৰ একাদশতম কিস্তিৰ টকা কৃষকসকলক দিয়া হৈছে, দ্বাদশ কিস্তিৰ অপেক্ষাত এতিয়া কৃষকসকল।

এতিয়ালৈ এই আঁচনিৰ একাদশতম কিস্তিৰ টকা কৃষকসকলক দিয়া হৈছে, দ্বাদশ কিস্তিৰ অপেক্ষাত এতিয়া কৃষকসকল।

এতিয়ালৈ এই আঁচনিৰ একাদশতম কিস্তিৰ টকা কৃষকসকলক দিয়া হৈছে, দ্বাদশ কিস্তিৰ অপেক্ষাত এতিয়া কৃষকসকল।

  • Share this:



কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৃষকসকলক আৰ্থিকভাৱে সহায় কৰিবলৈ কেন্দ্ৰৰ এক ডাঙৰ আঁচনি পিএম কিষাণ সন্মান নিধি যোজনা (PM Kisan Samman Nidhi Yojana), ইয়াৰ জৰিয়তে প্ৰতিবছৰে কৃষকসকলক ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। প্ৰতি চাৰিমাহত দুই হাজাৰ টকাৰ কিস্তিত দিয়া হয় এই ধন।

এতিয়ালৈ এই আঁচনিৰ একাদশতম কিস্তিৰ টকা কৃষকসকলক দিয়া হৈছে, দ্বাদশ কিস্তিৰ অপেক্ষাত এতিয়া কৃষকসকল। ৩১ মে’ ২০২২ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ কোটিৰো অধিক কৃষকৰ একাউণ্টত ২০০০ টকাকৈ ট্ৰান্সফাৰ কৰিছে। আশা কৰা হৈছে এই ২০০০ টকা ১ ছেপ্টেম্বৰৰ পিছত কৃষকৰ একাউণ্টত জমা হ’ব। প্ৰথম কিস্তি এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত লাভ কৰে কৃষকে।

দ্বিতীয় কিস্তি আগষ্টৰ পৰা নৱেম্বৰৰ ভিতৰত লাভ কৰে লাভ্যাৰ্থীসকলে। ১ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰ ২০২২ৰ ভিতৰত লাভ কৰে টকা। কেন্দ্ৰৰ ফালৰ পৰা ই–কেৱাইচি জমা দিয়াৰ সময় ধাৰ্য কৰা হৈছে ৩১ জুলাই ২০২১। ধাৰণা কৰা হৈছে এইবাৰ ই–কেৱাইচি জমা দিয়াৰ দিন বৃদ্ধি কৰা নহ’ব। e-KYC জমাব দিবলৈ প্ৰথমে pmkisan.gov.in ৱেবছাইটলৈ যাব লাগিব। তাত গৈ e-KYC টেবত ক্লিক কৰিব লাগিব, তাৰ পিছত যিটো পেজ সন্মুখলৈ আহিব তাত আধাৰ নম্বৰ দিব লাগিব। ইয়াৰ পিছত ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰত অ’টিপি যাব। অ’টিপি দাখিল কৰাৰ পিছত ছাবমিট কৰিব লাগিব। আধাৰ ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰ দিলেই ই–কেৱাইচি পদ্ধতি সম্পূৰ্ণ হ’ব।


Published by:Sanjay Kumar Das
First published: