• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কেন্দ্ৰীয় চৰকাৰৰ আঁচনি! লাভ কৰিলেনে ২ হাজাৰ টকা? যদি পোৱা নাই, তেন্তে কৰক এই কাম

কেন্দ্ৰীয় চৰকাৰৰ আঁচনি! লাভ কৰিলেনে ২ হাজাৰ টকা? যদি পোৱা নাই, তেন্তে কৰক এই কাম

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পিএম কিষাণ সন্মান নিধিৰ অধীনত কৃষকলৈ বছৰি আগবঢ়োৱা হৈছে ৬ হাজাৰ টকাৰ আৰ্থিক অনুদান। কৃষকৰ বেংক একাউণ্টত জমা হয় এই ধনৰাশি।

  • Share this:
কৃষক আন্দোলন চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কৃষক সন্মান নিধিৰ সপ্তম কিস্তি মুকলি কৰি দিছে। ১ ডিচেম্বৰৰ পৰা দেশৰ ১১ কোটি কৃষকৰ বেংক একাউণ্টত জমা হ’ব ধনৰাশি। এই আঁচনিৰ অধীনত কৃষকলৈ বছৰি আগবঢ়োৱা হৈছে ৬ হাজাৰ টকাৰ আৰ্থিক অনুদান। এই আৰ্থিক অনুদানৰ জৰিয়তে কৃষকে কৃষি কৰ্মৰ সঁজুলি ক্ৰয় কৰিব পাৰে।

যদি আপুনি কৃষক সন্মান নিধিৰ বাবে আবেদন কৰিছে কিন্তু এই ৰাশি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টত জমা হোৱা নাই, তেন্তে আপুনি কৰক এই কাম।

এনেদৰে চাওক আপোনাৰ নাম?

  • সৰ্বপ্ৰথমে pmkisan.gov.in ৱেবচাইটত ভিজিট কৰক।

  • ইয়াৰ পিছতে ওপৰ ফালে থকা ‘Farmers Corner’ত ক্লীক কৰক।

  • ইয়াৰ পিছত ‘Beneficiary Status’- ত ক্লীক কৰক।

  • ইয়াৰ পিছতে আধাৰ নম্বৰ, একাউণ্ট নম্বৰ, মোবাইল নম্বৰ প্ৰদান কৰক।

এই প্ৰক্ৰিয়াৰে আগবাঢ়িলে আপুনি জানিব পাৰিব যে, আপোনাৰ নাম পিএম কৃষক সন্মান নিধিত আছেনে নাই।

পৰ্টেলত নাম আছে কিন্তু ধনৰাশি লাভ কৰা নাই। তেতিয়া কি কৰিব?

যদি আপোনাৰ নাম চৰকাৰৰ দ্বাৰা পিএম কিষাণ পৰ্টেলত আপলোড কৰা আছে কিন্তু এই পৰ্যন্ত আপুনি লাভ কৰা নাই ধনৰাশি, তেতিয়াও আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ আপুনি বিশেষ কাৰিকৰী বিজুতিৰ বাবেহে এই পৰ্যন্ত লাভ কৰা নাই ধনৰাশি। গতিকে পিএম কিষাণ পৰ্টেলত গৈ আপুনি এই ভুলৰ শুধৰণি কৰিলেই লাভ কৰিব পেণ্ডিং হৈ থকা ধন।
Published by:Himangshu Bhuyan
First published: