• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কৃষকৰ কাৰণে জৰুৰী খবৰ, PM Kishan Samman Nidhi ৰ দশম কিস্তিৰ ধন পাবলৈ চাৰিদিনৰ ভিতৰত জমা কৰক এই নথি, একাউণ্টলৈ আহিব ৪হাজাৰ টকা

কৃষকৰ কাৰণে জৰুৰী খবৰ, PM Kishan Samman Nidhi ৰ দশম কিস্তিৰ ধন পাবলৈ চাৰিদিনৰ ভিতৰত জমা কৰক এই নথি, একাউণ্টলৈ আহিব ৪হাজাৰ টকা

৩১ অক্টোবৰৰ পূৰ্বে পঞ্জীয়ন কৰিলে ৪০০০ টকা পাব।

৩১ অক্টোবৰৰ পূৰ্বে পঞ্জীয়ন কৰিলে ৪০০০ টকা পাব।

৩১ অক্টোবৰৰ পূৰ্বে পঞ্জীয়ন কৰিলে ৪০০০ টকা পাব।

  • Share this:
নতুন দিল্লীঃ কৃষকৰ কাৰণে অতি কামৰ খবৰ। প্ৰধানমন্ত্ৰী কিষান সম্মান নিধি যোজনাৰ অধীনৰ যদি আপুনি হিতাধিকাৰী (PM Kisan Samman Nidhi) তেনেহ’লে ৩১ অক্টোবৰৰ পূৰ্বে আপুনি জৰুৰী ডকুমেণ্ট জমা কৰিব লাগিব। অৰ্থাৎ দশম কিস্তিৰ কাৰণে আপুনি চাৰিদিনৰ ভিতৰত ডকুমেণ্ট জমা কৰিব লাগিব। উল্লেখ্য যে, পি এম কিষাণ (PM Kisan) যোজনাৰ অধীনত কেন্দ্ৰৰ মোদী চৰকাৰে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াৰ কিছু পৰিৱৰ্তন কৰিছে। এতিয়া এই আঁচনিৰ অধীনত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ৰেচনকাৰ্ড অনিবাৰ্য।

PM KISAN–ৰ অধীনত পঞ্জীকৰণৰ কাৰণে ৰেচন কাৰ্ডৰ নম্বৰ (Ration Card Mandatory) বাধ্যতামূলক। আনহাতে ৰেচন কাৰ্ড বাধ্যতামূলক হোৱাৰ লগতে পঞ্জীকৰণৰ কাৰণে নথি–পত্ৰৰ কেৱল ছফট কপি (PDF) পিডিএফ কৰি পৰ্টেলত আপলোড কৰিব লাগিব।

এই পি এম কিষাণৰ অধীনত পঞ্জীয়ন কৰিবলৈ আপোনাৰ হাতত মাত্ৰ ৪দিন আছে। এই আঁচনিত পঞ্জীভুক্ত হ’লে আপুনি ৪০০০ টকা পাব। উল্লেখ্য যে একেৰাহে এজন পঞ্জীয়ন কৰোতাই দুটা কিস্তি লাভ কৰিব। যদি আপোনাৰ আৱেদন স্বীকাৰ কৰা হয় তেতিয়া নৱেম্বৰ মাহত ২০০০ টকা আৰু ডিচেম্বৰ মাহত ২০০০ টকা আপোনাৰ বেংক একাউণ্টলৈ আহিব।

অহা ১৫ ডিচেম্বৰ, ২০২১লৈকে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ দশম কিস্তি কৃষকৰ একাউণ্টলৈ অহাৰ সম্ভাৱনা আছে। কোৱা হৈছে যে এই কিস্তিত ২০০০ টকাৰ সলনি ৪০০০ টকা সোমাব পাৰে। অৱশ্যে এতিয়াই মোদী চৰকাৰে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই। আঁচনিৰ লাভ পাবলৈ আপুনি PM KISAN Registration কৰোৱাব লাগিব।

ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লাগিব এইসমূহ ডকুমেণ্টঃ
খেতি মাটিৰ কাগজ, আধাৰ কাৰ্ড, আপডেট বেংক একাউণ্ট, এড্ৰেচ প্ৰুফ, খেতি সম্বন্ধীয় তথ্য আৰু পাচপোৰ্ট চাইজ ফটো লাগিব।

অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিবঃ

–https://pmkisan.gov.in/) ৱেবছাইটত গৈ নতুন ৰেজিষ্ট্ৰেশ্যনৰ বিকল্প পাব। তাত ক্লিক কৰক। এতিয়া এখন নতুন পেজ খোল খাব।

–নতুন পেজত নিজৰ আধাৰ নম্বৰ লিখক তাৰ পিছতে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম খোল খাব।

–ফৰ্মত সম্পূৰ্ণ নিজৰ ঠিকনা তথা তথ্য প্ৰদান কৰক।

– নিজৰ খেতিৰ তথ্য দিব লাগিব। ইয়াৰ চাৰ্ভে বা মাটি সম্পৰ্কীয় তথ্য প্ৰদান কৰিব লাগিব।

–সকলো তথ্য প্ৰদান কৰি চেভ কৰক।

– ফৰ্ম চাবমিট কৰক। এই সকলো তথ্য ভৱিষ্যতৰ কাৰণে আপুনি সাঁচিও থ’ব পাৰে।
First published:

শেহতীয়া বাতৰি