বকুলে আৰু জানিবলৈ দিয়া মতে, মাত্ৰ আঠ মাহতে বগৰীবোৰ ফলিয়াই ৷ পূৰঠ হ'লে সুস্বাদু মিঠা বগৰীবোৰ তেওঁ কোকৰাঝাৰ, গোসাইগাঁৱ, চৌতাৰা,ফকিৰাগ্ৰাম, দোতমা আদি বিভিন্ন বজাৰত বিক্ৰী কৰে ৷ সকলোবোৰ খা-খৰচ বাদ দি বছৰত অতি কমেও ডেৰ দুই লাখ টকা লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে বকুল ৷
উল্লেখযোগ্য যে, কেৱল বকুলেই নহয় কাছকটা গাঁৱৰ প্ৰায় বিশটা পৰিয়ালে বৰ্তমান লাভজনক বগৰী খেতি কৰি উপাৰ্জনৰ পথ উলিয়াই লৈছে।