உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • এইবোৰ গছৰ দ্বাৰা ঘৰতে বৃদ্ধি কৰিব পাৰে Oxygenৰ মাত্ৰা! কোৰোণাকালীন এই সময়ৰ বাবে অতি উপকাৰী...

    এইবোৰ গছৰ দ্বাৰা ঘৰতে বৃদ্ধি কৰিব পাৰে Oxygenৰ মাত্ৰা! কোৰোণাকালীন এই সময়ৰ বাবে অতি উপকাৰী...

    এনে গছ ৰোপণ কৰক যি দ্ৰুতগতিত বিকশিত হয়। যিয়ে অধিক কাৰ্বন-ডাই-অক্সাইড গেছ শোষণ কৰে আৰু যিমান পাৰে সিমানেই অক্সিজেন মুকলি কৰে।

    এনে গছ ৰোপণ কৰক যি দ্ৰুতগতিত বিকশিত হয়। যিয়ে অধিক কাৰ্বন-ডাই-অক্সাইড গেছ শোষণ কৰে আৰু যিমান পাৰে সিমানেই অক্সিজেন মুকলি কৰে।

    এনে গছ ৰোপণ কৰক যি দ্ৰুতগতিত বিকশিত হয়। যিয়ে অধিক কাৰ্বন-ডাই-অক্সাইড গেছ শোষণ কৰে আৰু যিমান পাৰে সিমানেই অক্সিজেন মুকলি কৰে।

    • Share this:
    কোৰোণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সৈতে দেশে যুঁজি থকাৰ সমান্তৰালকৈ তৃতীয় ঢৌৰ আশংকাইয়ো খেদিছে সকলোকে। এই জটিল পৰিস্থিতিৰ বাবেই টিকাকৰণৰ উপৰিও, প্ৰাকৃতিকভাৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৱান হৈ থাকিবলৈ ভিন্ন উপায় গ্ৰহণ কৰি আছে সকলোৱে।

    যিহেতু কোভিড ৰোগীৰ মাজত দেখা দিয়া অক্সিজেনৰ অভাৱ সম্প্ৰতি এক গুৰুতৰ সমস্যা হিচাপে বিবেচিত হৈছে। তেনেস্থলত ঘৰত গছ ৰোপণ কৰাৰ দিশটোত গুৰুত্ব প্ৰদান কৰা হৈছে। বহু বিশেষজ্ঞই ঘৰৰ ভিতৰত ৰোপণ কৰা গছ অর্থাৎ  Indoor plantৰ কথাও উল্লেখ কৰিছে ।

    ঘৰৰ ভিতৰত গছ ৰোপণ কৰাটো কিয় গুৰুত্বপূৰ্ণ -

    টাইমছ অৱ ইণ্ডিয়াই কৃষি মন্ত্ৰালয়ৰ উদ্যান বিজ্ঞানৰ মুৰব্বী আনন্দ কুমাৰ সিঙৰ সৈতে এই সন্দৰ্ভত কথা পাতিছিল। তেওঁলোকে আঙুলিয়াই দিয়ে যে, এনে বহুতো উদ্ভিদ আছে যিসমূহ ঘৰত ৰোপণ কৰিলে, বায়ুৰ সৈতে মিলিত হৈ ঘৰৰ ভিতৰত থকা ক্ষতিকাৰক উপাদানবোৰ আঁতৰাই পেলায়।

    এনে উদ্ভিদবোৰকক অক্সিজেন কাৰখানা বুলিও ক'ব পাৰি। ই বায়ু বিশুদ্ধ কৰাৰ লগতে মানসিক চাপ হ্ৰাস কৰাতো সহায় কৰে। অর্থাৎ  কোৰোণাকালীন এই সময়ত এই উদ্ভিদবোৰে ভাল কাম কৰিব পাৰে।

    উদ্ভিদ বাছনি কৰোতে মনত ৰাখিব কেইটামান বিশেষ কথা -

    আমি উদ্ভিদ বাছনি কৰাৰ সময়ত দ্ৰুতগতিত বৃদ্ধি হোৱা উদ্ভিদ লোৱা উচিত। কিয়নো এই উদ্ভিদবোৰে যিমান পাৰে সিমান কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে অৰ্থাৎ অধিক অক্সিজেন মুকলি কৰে। লগতে, সেইবোৰ বতৰ অনুসৰি বাছনি কৰিব লাগে। নিশ্চিত কৰিব যাতে উদ্ভিদবোৰত কোনো ৰোগ বা ভেঁকুৰৰ সংক্ৰমণ নহয়। কিয়নো কোৰোণাৰ এই সময়ত ক'লা ভেঁকুৰৰ দৰে ৰোগ দ্ৰুতগতিত বিয়পি আছে, সেয়েহে স্বাস্থ্যৱান উদ্ভিদ গ্ৰহণ কৰা আৰু সেইবোৰ সঠিককৈ ৰখাটো অতি গুৰুত্বপূৰ্ণ।

    ই বিষাক্ত পদাৰ্থ শোষণ কৰি অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰেঃ

    আপুনি ৰবৰৰ প্লাণ্ট ৰোপণ কৰিব পাৰি, যাক ফাইকাছ ৰোবাষ্টা বুলিও কোৱা হয়। এই উদ্ভিদবিধ অতি সুন্দৰ হোৱাৰ লগতে ইয়াক বেছি ঠাইৰো প্ৰয়োজন নহয়। কাঠৰ আচবাব আৰু ৰঙৰ লগতে বেঞ্জিনৰ পৰা বিষাক্ত উপাদান শোষণ কৰাৰ ক্ষমতা আছে এই উদ্ভিদজোপাৰ।

    এই উদ্ভিদে বায়ুৰ অশুদ্ধি আঁতৰ কৰে -

    এলোভেৰা অর্থাৎ ছাল কুঁৱৰী হৈছে এক মহান ভিতৰত অন্যতম এবিধ উদ্ভিদ। যাক বিকশিত হ'বলৈ বেছি সূৰ্যৰ পোহৰৰ প্ৰয়োজন নাই। ঔষধি গুণাগুণৰ উপৰিও বায়ু বিশুদ্ধ কৰাৰ ক্ষমতাও আছে এই উদ্ভিদৰ। ই বায়ুৰ অশুদ্ধি যেনে ফৰ্মেলডিহাইড অৰ্থাৎ মিথেন আৰু বেঞ্জিন আঁতৰ কৰে। কাৰ্বন মনোক্সাইডৰ দৰে অত্যাধিক বিষাক্ত উপাদান আঁতৰাই বায়ু পৰিষ্কাৰ কৰে। ঘৰৰ শিশুৰ পৰা পোহনীয়া জন্তুলৈ সম্পূৰ্ণৰূপে সুৰক্ষিত এই উদ্ভিদ।

    ই প্ৰায় গোটেই দিনটো অক্সিজেন প্ৰদান কৰেঃ

    তুলসীৰ ঔষধি গুণাগুণৰ কথা সকলোৱে জানে, কিন্তু তুলসীয়ে পৰিৱেশ পৰিষ্কাৰ ৰখাৰ বাবেও কাম কৰে। তুলসী ঘৰৰ ভিতৰত অলপ ৰ'দৰ ঠাইত ৰোপণ কৰিব পাৰি আৰু ইয়াক প্ৰতি ২ৰ পৰা ৩ দিনত পানীৰ প্ৰয়োজন হয়, সেয়েহে ইয়াক বাৰান্দাত বা তুলনামূলকভাৱে মুকলি ঠাইত ৰোপণ কৰক। তুলসীয়ে দিনে প্ৰায় ২০ ঘণ্টা অক্সিজেন প্ৰদান কৰাৰ লগতে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইডৰ দৰে বিষাক্ত উপাদান শোষণ কৰে।

    স্পাইডাৰ উদ্ভিদ যথেষ্ট উপযোগী -

    স্পাইডাৰ প্লাণ্টৰ কোনো বিশেষ যত্নৰ প্ৰয়োজন নাই আৰু ই যথেষ্ট লাভজনক। ইয়াৰ বায়ুৰ অশুদ্ধি আঁতৰ কৰাৰ ক্ষমতা আছে। ই বিষাক্ত উপাদান যেনে জাইলিন, বেঞ্জিন, ফৰ্মেলডিহাইড আৰু কাৰ্বন মনক্সাইড বায়ুৰ সৈতে ফিল্টাৰ কৰে আৰু চৌদিশে এক সুৰক্ষিত আৱৰণৰ সৃষ্টি কৰে।
    Published by:Himangshu Bhuyan
    First published: