ছচিয়েল মিডিয়াত প্ৰায়ে আকৰ্ষণীয় চেলেঞ্জ আহি থাকে। এনেধৰণৰ চেলেঞ্জে মানুহৰ মন আকৰ্ষণ কৰে। কিন্তু কেতিয়াবা খুব সাধাৰণ যেন লগা চেলেঞ্জো সমাধান কৰা কঠিন হ’ব পাৰে।
মানুহে ফটোৰ চেলেঞ্জবোৰ আৰু আকৰ্ষণীয় বুলি ভাৱে কাৰণ সেই ফটোত এনে কিছু বস্তু বিচাৰি উলিয়াবলগা হয় যিটো সহজতে বিচাৰি পোৱাটো কঠিন। সুক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিলেহে উলিয়াব পৰা যায়।
ভাৰতীয় বন সেৱাৰ বিষয়া পাৰভীন কাছোৱানে তেওঁৰ টুইটাৰ হেণ্ডেলত এখন ফটো পোষ্ট কৰিছিল আৰু তেওঁৰ ফলোৱাৰসকলক সঠিক উত্তৰ অনুমান কৰিবলৈ কৈছিল।
ছবিত দেখা গৈছে এজোপা গছৰ ডালত এটা নাহৰফুটুকী শুই আছে। কিন্তু নাহৰফুটুকীটো অকলে থকা নাই। ছবিখনত আৰু এটা নাহৰফুটুকী লুকাই আছে। কাছোৱানে দৰ্শকক বিচাৰি উলিয়াবলৈ কৈছিল যে গছজোপাত কেইটা নাহৰফুটুকী আছে?
আপুনি যদি এতিয়াও নাহৰফুটুকীটোৰ পোৱালিটো দেখা নাই, তেন্তে আহক আপোনাক এয়া বিচাৰি উলিওৱাত সহায় কৰো। আপুনি যদি ফটোখন মনোযোগেৰে চায় তেন্তে দেখিব দুডাল নেজ। এতিয়া আপুনি গছৰ ঠিক মাজ অংশত চাওক, আপুনি দেখিব নাহৰফুটুকীৰ পোৱালিটো। পাৰভীন কাছোৱানে টুইটাৰত যিখন ফটো শ্বেয়াৰ কৰিছে সেয়া ফটোগ্ৰাফাৰ মোহন থমাছে পোষ্ট কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 03, 2022, 18:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|