আপুনি TikTok কৰে নেকি? যদি কৰে নোচোৱাকৈ নাথাকিব এই প্ৰতিবেদন!

News18 Assam | News18-Assam
Updated:January 11, 2020, 5:31 PM IST
আপুনি TikTok কৰে নেকি? যদি কৰে নোচোৱাকৈ নাথাকিব এই প্ৰতিবেদন!
টিকটকৰ জৰিয়তে আপোনাক বিপদত পেলাব পাৰে হেকাৰে।

টিকটকৰ জৰিয়তে আপোনাক বিপদত পেলাব পাৰে হেকাৰে।

  • Share this:
আপুনি টিকটক কৰে নেকি? যদি কৰে সাৱধান হওক! কাৰণ জনপ্ৰিয় এপ টিকটকক লৈ এতিয়া উত্থাপন হৈছে বহু প্ৰশ্নৰ। টিকটকৰ জৰিয়তে আপোনাক বিপদত পেলাব পাৰে হেকাৰে। আমেৰিকাত ব্যৱহাৰকাৰীৰ ডাটাৰ অপব্যৱহাৰৰ অভিযোগৰ লগতে ইজৰাইলৰ চাইবাৰ ছিকিউৰিটী ফৰ্ম চেক পইণ্টে হেকিঙৰ আশংকা প্ৰকাশ কৰিছে।

চেক পইণ্টে টিকটকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইজৰাইলৰ চাইবাৰ ছিকিউৰিটী ফৰ্মৰ মতে, হেকাৰে টিকটকৰ জৰিয়তে আপোনাৰ একাউণ্ট নিয়ন্ত্ৰণ কৰিব পাৰে।

ইমানেই নহয়, হেকাৰে আপোনাৰ পোষ্টৰ অপব্যৱহাৰ কৰিব পাৰে আৰু ভিডিঅ’ আপলোড বা আঁতৰাবও পাৰে। ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য চুৰিও কৰিব পাৰে হেকাৰে। ইয়াৰ উপৰি এয়াও পোহৰলৈ আহিছে যে টেক্সট মেছেজৰ জৰিয়তে হেকিং সম্ভৱপৰ। আমেৰিকাতো টিকটকক লৈ শংকা প্ৰকাশ কৰা হৈছে আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আশংকা প্ৰকাশ কৰা হৈছে।

হংকঙৰ ৰাজনৈতিক আন্দোলনক টিকটকে নিজৰ প্লেটফৰ্মলৈ অনাত বাধা দিয়াৰ সময়তো প্ৰশ্নৰ উত্থাপন হৈছিল। এতিয়া টিকটকে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ বিভ্ৰান্তিকৰ তথ্য, ঘৃণা বিয়পোৱা কেম্পেইন বা ৰাজনৈতিক অভিযানক টিকটকত স্থান দিয়া নহ’ব।

ছচিয়েল মিডিয়া প্লেটফৰ্মত ২০১৯ বৰ্ষটো যেন TikTokৰ আছিল। বিশ্বজুৰি টিকটকৰ ১৫০ কোটি ব্যৱহাৰকাৰী আৰু কেৱল ২০১৯ বৰ্ষটোত টিকটকে লাভ কৰিছে ৬৮ কোটি ব্যৱহাৰকাৰী। ইয়াৰ ভিতৰত টিকটকৰ চাইনীজ অৱতাৰ ডোইনো অন্তৰ্ভুক্ত হৈ আছে। ভাৰতত আনুমানিক ৩০ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছে টিকটকৰ।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি