உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • সোনকালে গৰম হয় নেকি আপোনাৰ ফোনটো? কেনেকৈ ৰক্ষা কৰিব জানি লওক উপায়

    সোনকালে গৰম হয় নেকি আপোনাৰ ফোনটো? কেনেকৈ ৰক্ষা কৰিব জানি লওক উপায়

    আপোনাৰ ফোনটো সুৰক্ষিত কৰি ৰখাৰ আছে বিভিন্ন উপায়।

    আপোনাৰ ফোনটো সুৰক্ষিত কৰি ৰখাৰ আছে বিভিন্ন উপায়।

    আপোনাৰ ফোনটো সুৰক্ষিত কৰি ৰখাৰ আছে বিভিন্ন উপায়।

    • Share this:
    প্ৰায়ে বহুমানুহে অভিযোগ কৰে যে, তেওঁলোকে ব্যৱহাৰ কৰি থকা স্মাৰ্টফোনটো সোনকালেই গৰম হৈ যায়। আৰু ফোনটো গৰম হৈ গ'লেই আতংকিত হৈ পৰাও দেখা যায়। কিন্তু আপোনাৰ ফোনটো সুৰক্ষিত কৰি ৰখাৰ আছে বিভিন্ন উপায়।

    ফোনটো গৰম হৈ গ'লে কি কৰিব জানি লওকঃ

    – ফোনত কেতিয়াও অপ্ৰয়োজনীয় এপবোৰ ৰাখিব নালাগে। বেকগ্ৰাউণ্ডত অধিক এপ চলি থাকিলে গৰম হৈ যাব পাৰে আপোনাৰ স্মাৰ্টফোন।

    – চাৰ্জ দিয়াৰ সময়ত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে ফোন। এনে কৰিলে গৰম হৈ যায় স্মাৰ্টফোন।

    – অত্যধিক ব্ৰাইথনেচৰ ফলতো গৰম হৈ যাব পাৰে আপুনি ব্যৱহাৰ কৰি থকা স্মাৰ্টফোন।

    – গধুৰ কভাৰ কেতিয়াও স্মাৰ্টফোনত ব্যৱহাৰ কৰিব নালাগে। গধুৰ কভাৰ ব্যৱহাৰ কৰিলে বায়ু লৰচৰ কৰিব নোৱাৰে, ফলত ফোনটো কোনো কাৰণ নোহোৱাকৈ গৰম হৈ পৰে।

    – ফোনটো অধিক গৰম হৈ গ'লে এৰোপ্লেন মোড অন কৰিব। ডাটা কিছু সময় অফ কৰি ৰাখক। লাহে লাহে নৰ্মেল হৈ পৰিব আপোনাৰ স্মাৰ্টফোন।

    – ফোনৰ সকলো এপছ আপ-টু-ডেট ৰাখক। ইয়াৰ ফলত বহু সমস্যাৰ পৰা স্মাৰ্টফোনটো বাছি থাকিব।

    – অত্যধিক গৰম হ’লে ফেনৰ সন্মুখত ৰাখক। যদি বতাহ বহে, ই সোনকালে ঠাণ্ডা হ’ব।

    – কেতিয়াও ফোন সম্পূৰ্ণহৈ চাৰ্জ দিব নালাগে। ৮০ শতাংশ চাৰ্জ সম্পূৰ্ণ হ'লেই চাৰ্জিং অফ কৰিব লাগে।
    Published by:Sanjay Kumar Das
    First published: