ফোন চাৰ্জত দিয়াৰ সময়ত জুই লাগি বিস্ফোৰণ হোৱাৰ বহুকেইটা ঘটনা পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে এনে এক ঘটনা সংঘটিত হৈছে ইংলেণ্ডৰ এটি ১১ বছৰীয়া কিশোৰৰ সৈতে। ইংলেণ্ডৰ ষ্টেফডৰ্ছৰত এটি ১১ বছৰীয়া কিশোৰে নিশা নিজৰ টেবলেটটোত চাৰ্জিঙত দি শুই গৈছিল, পুৱা শুই উঠি প্ৰত্যক্ষ কৰে যে তাৰ বিছনাখন নিশাটোৰ ভিতৰতে জ্বলি–পুৰি শেষ হৈ যায়। কিন্তু কিশোৰটিৰ নহ’ল কোনোধৰণৰ ক্ষতিসাধন। ষ্টেফডৰ্ছৰ অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে জনোৱা অনুসৰি টেবলেটটো যথেষ্ট গৰম হৈ যোৱাৰ বাবে জ্বলি উঠিছিল।
ইয়াৰ পূৰ্বে ক্ৰেডল ফাণ্ডৰ CEO নাজিৰ হাছানে ফোন বিস্ফোৰণৰ ফলত মৃত্যুক সাৱটিছিল। নাজিৰ ব্লেকবেৰী আৰু হুবাৱে ফোন ব্যৱহাৰ কৰিছিল আৰু চাৰ্জ দিয়াৰ সময়তে বিস্ফোৰণ ঘটিছিল।
![]()
কেৱল এইটোৱেই ঘটনা নহয়, ভাৰতত এনেধৰণৰ বহুকেইটা ঘটনা সংঘটিত হৈছে। ফোন বিস্ফোৰণৰ মূল কাৰণ হ’ল ‘বেটাৰী’। জানো আহক এনে বহুকেইটা টিপছ যাৰ দ্বাৰা আপুনি ৰক্ষা কৰিব পাৰে নিজৰ জীৱন।
>>> কেতিয়াও থাৰ্ড–পাৰ্টী কেবল বা এডাপটৰ(Adapter)ৰ ব্যৱহাৰ নকৰিব। ফোন অৰিজিনেল চাৰ্জিং, এডাপটৰ আৰু কেবল ব্যৱহাৰ কৰাটো সুৰক্ষিত।>>> বেটাৰী সলনি কৰা প্ৰয়োজন হয় যদি সদায় Manufacurer বেটাৰীহে ব্যৱহাৰ কৰক।>>> স্মাৰ্টফোন, টেবলেট বা কোনোধৰণৰ লিথিয়াম-ion বেটাৰী বেছি সময়লৈ চাৰ্জত দি থোৱাটো অসুৰক্ষিত।>>> সহজতে জ্বলি যোৱা বস্তু, যেনে ফাৰ্ণিচাৰ, পেপাৰৰ ওপৰত বা আশে পাশে চাৰ্জত দি নথব ফোন বা কোনোধৰণৰ ডিভাইছ।
>>> চাৰ্জিঙৰ সময়ত ফোন কেতিয়াও গাৰুৰ তলত থৈ দিয়াৰ ভুল নকৰিব।>>> ফোন বা যিকোনোধৰণৰ ডিভাইজ যিমান পাৰে সূৰ্যৰ ৰশ্মিৰ পৰা আঁতৰত ৰাখিব।>>> স্মাৰ্টফোন আৰু অন্য যিকোনো ধৰণৰ বেটাৰী সংযুক্ত ডিভাইছ ৰিপেয়াৰ কৰিবলৈ Authorized Service Centerত হে দিয়ক।>>> স্মাৰ্টফোনক পাৱাৰ ষ্ট্ৰিপ বা Extension cordত চাৰ্জ দিয়াৰ পৰা আঁতৰত থাকক।>>> চাৰ্জিং কৰাৰ সময়ত ফোনৰ ওপৰত কোনোধৰণৰ বস্তু নাৰাখিব যাতে external Pressure নপৰে।>>> ফোন চাৰ্জ দিয়াৰ সময়ত ফোনৰ কভাৰ বা কেছ গুচাই থোৱাৰ অভ্যাস গঢ়ি লওক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|