প্ৰায় ৮০ শতাংশ হ্ৰাস পাব ঔষধৰ মূল্য, অতি শীঘ্ৰে হ’ব কাৰ্যকৰী

News18 Assam | News18-Assam
Updated:November 28, 2019, 3:31 PM IST
প্ৰায় ৮০ শতাংশ হ্ৰাস পাব ঔষধৰ মূল্য, অতি শীঘ্ৰে হ’ব কাৰ্যকৰী
Source-Google

এটা ভাল খবৰ, হ্ৰাস পাব ঔষধৰ মূল্য। প্ৰায় ৮০ শতাংশ হ্ৰাস পাব ঔষধৰ মূল্য

  • Share this:
জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি National Pharma Pricing Authority এ ঔষধৰ মূল্য হ্ৰাস কৰিবলৈ দিছে নিৰ্দেশ। শুকুৰবাৰে ‘Drug Pricing Regulator’, ফাৰ্মা লবী গ্ৰুপ আৰু ফাৰ্মা উদ্যোগৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত লোৱা হয় ঔষধৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত। সিদ্ধান্ত অনুসৰি ঔষধত এতিয়াৰ পৰা ৩০ শতাংশ লাভহে ল’ব লাগিব ফাৰ্মা কোম্পানী সমূহে। ইতিমধ্যে চানফাৰ্মা, লুপিন আৰু চিপলাই জেনেৰিক মূল্য হ্ৰাস কৰাত সন্মতি জনাইছে ।

বৈঠকৰ পিছত ইণ্ডিয়ান ড্ৰাগ মেনুফেকছাৰ্চ এশ্যোছিয়েশ্যনৰ সভাপতি দ্বীপনাথ ৰয় চৌধুৰীয়ে কয় যে, ‘আমি ঔষধৰ দাম হ্ৰাস কৰা বিষয়তো মানি লৈছো। কৰ্কট ৰোগৰ ঔষধৰ মূল্য হ্ৰাস কৰিবলৈ চেষ্টা কৰি থকা হৈছে। ট্ৰেড মাৰ্জিন ৩০ শতাংশ ধাৰ্য কৰা হৈছে। এই বিষয়ে আমাৰ কোনো দ্বিমত নাই। এতিয়া অন্যান্য ঔষধ মূল্যও পৰ্যায় ক্ৰমে হ্ৰাস কৰা হ’ব।’
আৰু চাওক পৰৱৰ্তী বাতৰি