মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »PF Withdrawal New Rule : নিবনুৱা হৈ থকাৰ সময়ছোৱাত এনেদৰে EPF একাউণ্টৰ পৰা উলিয়াব পাৰিব আগতীয়া ধন

PF Withdrawal New Rule : নিবনুৱা হৈ থকাৰ সময়ছোৱাত এনেদৰে EPF একাউণ্টৰ পৰা উলিয়াব পাৰিব আগতীয়া ধন

IRCTC এজেণ্ট হ'বলৈ আপুনি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। এজেণ্ট হ'বলৈ আপুনি প্ৰথমে IRCTCৰ অফিচিয়েল ৱেবছাইট চাব লাগিব। তাত আপুনি আবেদন পত্ৰ পূৰণ কৰিব লাগিব। ইয়াৰ বাবে, আপোনাৰ ওচৰত পেন কাৰ্ড, আধাৰ কাৰ্ড, ম'বাইল নম্বৰ, বৈধ ই-মেইল আইডি, ফটো, ঠিকনাৰ প্ৰমাণ আৰু ঘোষণা প্ৰপত্ৰ থাকিব লাগিব।

IRCTC এজেণ্ট হ'বলৈ আপুনি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। এজেণ্ট হ'বলৈ আপুনি প্ৰথমে IRCTCৰ অফিচিয়েল ৱেবছাইট চাব লাগিব। তাত আপুনি আবেদন পত্ৰ পূৰণ কৰিব লাগিব। ইয়াৰ বাবে, আপোনাৰ ওচৰত পেন কাৰ্ড, আধাৰ কাৰ্ড, ম'বাইল নম্বৰ, বৈধ ই-মেইল আইডি, ফটো, ঠিকনাৰ প্ৰমাণ আৰু ঘোষণা প্ৰপত্ৰ থাকিব লাগিব।

EPFO–এ জনায় যে ইয়াৰ সদস্যসকলে তেওঁলোকৰ ভৱিষ্য নিধি (PF) একাউণ্টত উপলব্ধ মুঠ পৰিমাণৰ ৭৫% লৈকে অগ্ৰিম ধন উলিয়াব পাৰিব।

  • Share this:
কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা (EPFO)ই ইয়াৰ সদস্যসকলৰ আনিছে ভাল খবৰ। ইয়াৰ যিসকল সদস্যই এমাহ বা অধিক সময় ধৰি নিবনুৱা হৈ আছে তেওঁলোকক এতিয়াৰে পৰা নন-ৰিফাণ্ডেৱেল অগ্ৰিম ধন লাভ কৰিবলৈ অনুমতি দিছে সংস্থাটোৱে। টুইটাৰ হেণ্ডেলৰ জৰিয়তে, EPFOএ জনায় যে সদস্যসকলে তেওঁলোকৰ ভৱিষ্য নিধি (PF) একাউণ্টত উপলব্ধ মুঠ পৰিমাণৰ ৭৫% লৈকে অগ্ৰিম ধন উলিয়াব পাৰিব। এই সেৱাই সদস্যসকলক নিবনুৱা হৈ থকা অৱস্থাত বিত্তীয় সহায় প্ৰদান কৰিব, লগতে তেওঁলোকৰ EPF একাউণ্ট বাতিল নকৰাৰ বাবে তেওঁলোকৰ পেঞ্চন সদস্যপদ বজাই ৰাখিবলৈ অনুমতি দিব।

কোৰোণা ভাইৰাছ মহামাৰীৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে EPFOৰ সহযোগত ব্যক্তিসকলে যাতে PF একাউণ্টৰ পৰা তেওঁলোকৰ নগদ ধন প্ৰাপ্ত কৰিব পাৰে তাৰ বাবে যথাসম্ভৱ সকলো কৰি আহিছে। ইয়াৰ পূৰ্বেও সংস্থাই ইয়াৰ সদস্যসকলক দ্বিতীয় নন-ৰিফাণ্ডেৱেল কোভিড১৯ অগ্ৰিম ধন প্ৰাপ্ত কৰিবলৈও কৰ্তৃত্ব প্ৰদান কৰিছিল।

EPFOৰ অন্যান্য আপডেটসমূহ:

১) যদি চূড়ান্ত ইপিএফ প্ৰত্যাহাৰ সম্পূৰ্ণ হোৱা নাই, তেন্তে এগৰাকী EPF সদস্যই সেৱা এৰি যোৱাৰ পিছতো "কোভিড এডভান্স সুবিধা (Covid advance facility) ব্যৱহাৰ কৰিব পাৰে।

২) EPFOৰ জাননী অনুসৰি, যদি কোনো পৰিস্থিতিত PF একাউণ্ট গৰাকীৰ মৃত্যু হয়, যেনে কোভিড১৯, তেতিয়া তেন্তে কৰ্মচাৰী জমা সংযোজিত বীমা (EDLI) আঁচনিৰ অংশ হিচাপে তেওঁৰ পৰিয়ালে সৰ্বাধিক ৭ লাখ টকা লাভ কৰিব। যি পূৰ্বে ৬ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু এতিয়া ইয়াাক ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে নিম্নতম পৰিমাণ ২.৫ লাখ টকাই ৰখা হৈছে।

৩) ESIC আঁচনিৰ অধীনত বীমাকৃত ব্যক্তিসকলৰ পৰিয়ালক সহায় কৰিবলৈ শ্ৰম মন্ত্ৰণালয়ে কোভিড১৯ৰ ফলত মৃত্যু হোৱা কৰ্মচাৰীসকলৰ নিৰ্ভৰশীলসকলক গুৰুত্বপূৰ্ণ সামাজিক সুৰক্ষা সহায় আগবঢ়াইছে। ইয়াত দুটা লাভালাভ আছে: কোভিড১৯ৰ ফলত শ্ৰমিকৰ দৰমহা হেৰুওৱাৰ বাবে ক্ষতিপূৰণ আৰু মৃত্যু হোৱা শ্ৰমিকৰ অন্তিম সৎকাৰৰ বাবে ব্যয় পৰিশোধ কৰা।

শেহতীয়া বাতৰি