• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এতিয়া কোৰোণাৰ চিকিৎসাৰ বাবেও উলিয়াব পাৰিব PFৰ ধন! EPFOৰ নিয়মত সালসলনি

এতিয়া কোৰোণাৰ চিকিৎসাৰ বাবেও উলিয়াব পাৰিব PFৰ ধন! EPFOৰ নিয়মত সালসলনি

কৰ্মচাৰীৰ ভৱিষ্যনিধি সংস্থা (EPFO)এ এতিয়া PFৰ ধন উলিওৱাৰ চৰ্তত দ্বিতীয়বাৰলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • Share this:
দেশত কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ মাজতে পুনৰ লকডাউন আৰু চাকৰি হেৰুওৱাৰ বাবে বহু লোকে আৰ্থিক সংকটত ভুগিছে। এনে অৱস্থাত কোনো লোক কোৰোণাত আক্ৰান্ত হ’লে চিকিৎসাৰ বাবে ধন যোগাৰ কৰাটো কঠিন হৈ পৰিছে। ইয়াৰ বাবে মানুহক বিত্তীয় সংকটৰ পৰা সকাহ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কৰ্মচাৰীৰ ভৱিষ্যনিধি সংস্থা (EPFO)এ এতিয়া PFৰ ধন উলিওৱাৰ চৰ্তত দ্বিতীয়বাৰলৈ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিা কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে পি এফৰ পইচা উলিয়াব পাৰিব।

ইয়াৰ পূৰ্বে ২০২০ চনৰ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা (PMGKY)ৰ জৰিয়তে বিশেষ ব্যৱস্থা কৰিছিল, যাৰ জৰিয়তে পি এফ সদস্যই নিজৰ পি এফৰ ৭০ শতাংশ বা তিনি মাহৰ বেছিক দৰমহা আৰু ডি এ ভাত্তা উলিয়াব পাৰে।
Published by:Sanjay Kumar Das
First published: