Aadhaar আৰু PF লিংক কৰিলেনে? EPFৰ ধন প্ৰাপ্ত কৰিবলৈ বাধ্যতামূলক হ'ল এই নিয়ম, জানক কেনেকৈ কৰিব লিংক

News18 Assam | News18-Assam
Updated:June 11, 2021, 1:28 PM IST
Aadhaar আৰু PF লিংক কৰিলেনে? EPFৰ ধন প্ৰাপ্ত কৰিবলৈ বাধ্যতামূলক হ'ল এই নিয়ম, জানক কেনেকৈ কৰিব লিংক
কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (EPFO) এই নতুন নিয়মটো কাৰ্যকৰী কৰিবলৈ সামাজিক সুৰক্ষা সংহিতা ২০২০ৰ ধাৰা ১৪২ৰ সংশোধন কৰিছে।

কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (EPFO) এই নতুন নিয়মটো কাৰ্যকৰী কৰিবলৈ সামাজিক সুৰক্ষা সংহিতা ২০২০ৰ ধাৰা ১৪২ৰ সংশোধন কৰিছে।

  • Share this:
অৱসৰৰ সময়ত আপোনাৰ পুঁজিৰ বিভিন্ন লাভালাভ প্ৰাপ্ত কৰিবলৈ জুনৰ পৰা ভৱিষ্যত নিধি একাউণ্টৰ (PF) সৈতে আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক। যদি আপুনি এতিয়াও আপোনাৰ আধাৰ কাৰ্ডখন PF UAN (universal account number)ৰ সৈতে লিংক কৰা নাই, তেন্তে আপুনি এই মাহৰ পৰা আপোনাৰ পিএফ একাউণ্টত নিয়োগকৰ্তাৰ অৱদান প্ৰাপ্ত নকৰিব পাৰে। ডেলয়েট ইণ্ডিয়াৰ অংশীদাৰ সৰস্বতী কস্তুৰীৰঙ্গনে এই সম্পৰ্কত কয় এনেদৰে, "নিয়োগকৰ্তাসকলে পিএফৰ অৱদান প্ৰেৰণ কৰিবলৈ সক্ষম নহ'ব, য'ত আধাৰ কাৰ্ড ইউএএনৰ সৈতে সংযুক্ত নহয়, এইটো ১ জুন ২০২১ৰ পৰা কাৰ্যকৰী হৈছে।"

কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (EPFO) এই নতুন নিয়মটো কাৰ্যকৰী কৰিবলৈ সামাজিক সুৰক্ষা সংহিতা ২০২০ৰ ধাৰা ১৪২ৰ সংশোধন কৰিছে। কস্তুৰীৰঙ্গনে লগতে কয় - "EPFOয়ে সকলো লাভালাভৰ বাবে এক অনলাইন পদ্ধতিৰ দিশে আগবাঢ়িছে, সেয়া KYCৰ আপডেটেই হওক, অগ্ৰগতিৰ বাবে অনুৰোধ হওক, প্ৰত্যাহাৰ যিয়েই নহওক। তেনেক্ষেত্ৰত হিতাধিকাৰীৰ চিনাক্তকৰণ কৰাটো কঠিন হৈ পৰে, আৰু সেয়ে আধাৰ আৰু পিএফ সংযোগৰ ওপৰত জোৰ দিয়া হৈছে।"

আধাৰ কাৰ্ড পিএফ একাউণ্টৰ সৈতে এনেদৰে লিংক কৰক -

১. কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ অফিচিয়েল ৱেবছাইট www.epfindia.gov.in ক্লিক কৰক।

২. কৰ্মচাৰীৰ টেবলৈ যাওক আৰু 'UAN Member e-Sewa' লিংক বাচনি কৰক।

৩. আপোনাৰ UAN ID আৰু পাছৱৰ্ডৰ সৈতে লগইন কৰক।

৪. 'মেনেজ টেব'ৰ অধীনত, KYC বাচনি কৰক।

৫. আপোনাক অন্য এটা পৃষ্ঠালৈ পুনৰ লৈ যোৱা হ'ব, য'ত আপুনি আপোনাৰ EPF একাউণ্টৰ সৈতে লিংক কৰিবলৈ কেইবাটাও নথিপত্ৰ আপলোড কৰিবলৈ টেব বিচাৰি পাব।

৬. 'আধাৰ' উল্লেখ কৰা টেবটো বাচনি কৰক।

৭. বিৱৰণ পূৰণ কৰক আৰু 'Save'ত ক্লিক কৰক।

৮. তাৰ পিছত আপোনাৰ আধাৰ নম্বৰ পৰীক্ষা কৰা হ'ব।

৯. নিয়োগকৰ্তা আৰু UIDAIয়ে আপোনাক বিৱৰণ অনুমোদন কৰাৰ পিছত আপোনাৰ ইপিএফ একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা হ'ব।

EPFOয়ে ইলেক্ট্ৰনিক চালান কাম ৰিটাৰ্ণ (ECR) দাখিলৰ নিয়মাৱলীও আপডেট কৰিছে। নিয়োগকৰ্তাই কেৱল সেই কৰ্মচাৰীসকলৰ বাবে ইচিআৰ দাখিল কৰিব পাৰে যিসকলে তেওঁলোকৰ আধাৰ পিএফ ইউএএনৰ সৈতে সংযোগ কৰিছে। নিয়ামক সংস্থাটোৱে কৈছে "নিয়োগকৰ্তাই আধাৰ চিডিং প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত অনা-আধাৰ চিডেড ইউএএনৰ বাবে পৃথক ইচিআৰ দাখিল কৰিব পাৰে।"

অনন্তল'ৰ অংশীদাৰ সুবোধ সাদানাই কয় যে - "নতুন সামাজিক সুৰক্ষা সংহিতা, ২০০২ৰ কোডৰ অধীনত লাভালাভ বিচৰা কৰ্মচাৰীসকলক চিনাক্ত কৰাৰ উদ্দেশ্যে আধাৰ নম্বৰ প্ৰদান কৰিব লাগিব। যদিও সামাজিক সুৰক্ষা সংহিতা, ২০০২ কাৰ্যকৰী হোৱা নাই চৰকাৰে এই নিৰ্দিষ্ট ব্যৱস্থাটোৰ ওপৰত জাননী দিছে যিয়ে আধাৰ প্ৰদানৰ প্ৰয়োজনীয়তা বাধ্যতামূলক কৰে।"

সাদানাই লগতে কয় - "সামাজিক সুৰক্ষা সংহিতা, ২০০২ বলৱৎ হোৱাৰ পিছত ইয়াক মসৃণভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। ইউ এ এনক আধাৰৰ সৈতে সংযোগ নকৰা কোনো কৰ্মচাৰীকে বিদ্যমান আইনৰ অধীনত সুবিধা বিচৰাত বাধা নিদিব। অৱশ্যে, নতুন সংহিতাৰ অধীনত লাভালাভবোৰ কেৱল আধাৰৰ সৈতে ইউএএন সংযোগ সাপেক্ষেহে প্ৰাপ্ত কৰিব পাৰি।"
Published by: Sanjay Kumar Das
First published: June 11, 2021, 1:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি