নতুন বছৰৰ দ্বিতীয়দিনৰ পৰাই আকৌ বাঢ়িছে পেট্ৰ’ল–ডিজেলৰ মূল্য
নতুন বছৰৰ দ্বিতীয়দিনৰ পৰাই আকৌ বাঢ়িছে পেট্ৰ’ল–ডিজেলৰ মূল্য। শুকুৰবাৰে ক্ৰমাগত দ্বিতীয় দিনৰ বাবে বৃদ্ধি পাই পেট্ৰ’ল–ডিজেলৰ মূল্য। শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্যত ১০ পইচা বৃদ্ধি পোৱাৰ লগতে ১৫ পইচা বৃদ্ধি পাই ডিজেলৰ মূল্যত। শুকুৰবাৰে গুৱাহাটীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত প্ৰায় ১০ পইচা বৃদ্ধি পাই ৭৭.৬১ টকা হৈছে। আনহাতে ১৬ পইচা বৃদ্ধি পাই প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছে ৭১.৪১ টকা। বিশেষ সূত্ৰ অনুসৰি আগন্তুক বহু কেইদিনলৈকে পেট্ৰ’ল–ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|