உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Petrol Diesel Price: মেট্ৰ’ চহৰসমূহত দ্বিতীয় দিনাও বৃদ্ধি পেট্ৰ’লৰ মূল্য, জানক গুৱাহাটীত কিমান?

    Petrol Diesel Price: মেট্ৰ’ চহৰসমূহত দ্বিতীয় দিনাও বৃদ্ধি পেট্ৰ’লৰ মূল্য, জানক গুৱাহাটীত কিমান?

    তেল কোম্পানীসমূহে সোমবাৰে পেট্ৰ’লৰ মূল্য ১৬ পইচা প্ৰতি লিটাৰত বৃদ্ধি কৰিছে। কিন্তু ডিজেলৰ মূল্যত কোনো সলনি কৰা হোৱা নাই। 

    তেল কোম্পানীসমূহে সোমবাৰে পেট্ৰ’লৰ মূল্য ১৬ পইচা প্ৰতি লিটাৰত বৃদ্ধি কৰিছে। কিন্তু ডিজেলৰ মূল্যত কোনো সলনি কৰা হোৱা নাই। 

    তেল কোম্পানীসমূহে সোমবাৰে পেট্ৰ’লৰ মূল্য ১৬ পইচা প্ৰতি লিটাৰত বৃদ্ধি কৰিছে। কিন্তু ডিজেলৰ মূল্যত কোনো সলনি কৰা হোৱা নাই। 

    • Share this:
    নতুন দিল্লীঃ একেৰাগে দ্বিতীয় দিনাও সাধাৰণ ৰাইজক ডাঙৰ মাধমাৰ। চৰকাৰী তেল কোম্পানী ইণ্ডিয়ান অইল (IOC), ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (BPCL) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পৰেচন লিমিটেডে (HPCL) একেৰাহে দ্বিতীয় দিনা পেট্ৰ’লৰ মূল্য বৃদ্ধি কৰিছে। অৱশ্যে ডিজেলৰ দাম (Diesel Price) স্থিৰ হৈ আছে।

    দেশৰ বৃহৎ মেট্ৰ’ৰ বিপৰীতে গুৱাহাটীত পেট্ৰ’ল–ডিজেলৰ মূল্য হ্ৰাস পাইছে যদিও গুৱাহাটীত এক লিটাৰ পেট্ৰ’ল–ডিজেলৰ মূল্য কেবাখনো বৃহৎ মহানগৰীৰ মূল্যৰ তুলনাত অধিক। আজি গুৱাহাটীত ৩৩ পইচা মূল্য হ্ৰাস হৈ প্ৰতিলিটাৰ পেট্ৰ’ল হৈছে ৮৪.৮০ টকা। সেইদৰে ডিজেলৰ মূল্য ৪৩ পইচা হ্ৰাস পাই ৮০.২০টকা প্ৰতি লিটাৰ হৈছে।

    আনহাতে সোমবাৰৰ মূল্যবৃদ্ধিৰ পিছত দিল্লীতঃ পেট্ৰ’ল ৮০.৭৩ টকা আৰু ডিজেলৰ মূল্য ৭৩.৫৬ টকা প্ৰতি লিটাৰ। মুম্বাইঃ পেট্ৰ’লৰ মূল্য ৮৭.৪৫ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ মূল্য ৮০.১১ টকা প্ৰতি লিটাৰ।
    কলকাতাঃ পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮২.৩০ টকা আৰু ডিজেলৰ মূল্য ৭৭.০৬টকা প্ৰতি লিটাৰ।
    চেন্নাইঃ পেট্ৰ’লৰ মূল্য ৮৩.৮৭ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ মূল্য ৭৮.৮৬ টকা প্ৰতি লিটাৰ।

    উল্লেখযোগ্য যে, কোন ব্যক্তিয়ে নিজৰ চহৰৰ পেট্ৰ’লৰ মূল্য দৈনিক এছএমএছৰ জৰিয়তে চেক কৰিব পাৰে। ইণ্ডিয়ান অইলৰ উপভোক্তাই RSP<ডিলাৰ কোড>লিখি 9224992249 নম্বৰত আৰু বিপিচিএল উপভোক্তাই RSP<ডিলাৰ কোড> লিখি 9223112222 নম্বৰত পঠিয়াব পাৰে। এচপিচিএল উপভোক্তাই HPPRICE<ডিলাৰ কোড>লিখি 9222201122 নম্বৰত পঠিয়াব পাৰে।
    First published: