মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সৰ্বসাধাৰণৰ মূৰত মাধমাৰ শোধাইছে ইন্ধনৰ মূল্যবৃদ্ধিয়ে। সপ্তাহটোৰ প্ৰথম দিনটোতে গুৱাহাটীত আজি পেট্ৰ’লৰ প্ৰতি লিটাৰত ৫০ পইচা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৩৯ পইচাকৈ বৃদ্ধি পাইছে। আজিৰ দিনটোত দেশৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটীত পেট্ৰ’ল–ডিজেলৰ মূল্য হৈছে এয়া–
গুৱাহাটী: পেট্ৰ'ল 85.76 টকা প্ৰতি লিটাৰ
ডিজেল 80.48 টকা প্ৰতি লিটাৰ।
কলকাতা: পেট্ৰ'ল 83.13 টকা প্রতি লিটাৰ
ডিজেল 77.06 টকা প্ৰতি লিটাৰ
দিল্লী: পেট্ৰ'ল 81.68 টকা প্ৰতি লিটাৰ
ডিজেল 73.68 টকা প্ৰতি লিটাৰ
মুম্বাই: পেট্ৰ’ল 88.28 টকা প্ৰতি লিটাৰ
ডিজেলৰ মূল্য 80.11 টকা প্ৰতি লিটাৰ
লকডাউনৰ সময়ত খাৰুৱা তেলৰ মূল্যহ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত পেট্ৰ’লৰ ওপৰত আৰোপ কৰা হৈছিল অতিৰিক্ত ভেট। ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছত বৰ্তমান পেট্ৰ’ল–ডিজেলৰ মূল্য স্বাভাৱিক অৱস্থালৈ ঘুৰি যাবলৈ লৈছে আৰু যাৰ কাৰণে আকাশলংঘী হৈছে ইন্ধনৰ মূল্য।
উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত অশোধিক তেলৰ দাম তথা ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি ফিক্স কৰা পেট্ৰ’ল–ডিজেলৰ মূল্য। কিন্তু ইয়াৰ ওপৰত এক্সাইজ ডিউটি, ডিলাৰৰ কমিশন তথা অন্যান্য চার্জ যুক্ত কৰাৰ পিছত উপভোক্তাসকলে কেবাগুণ দামত তেল কিনিব লগীয়া হয় ৷ প্রতিদিনে পুৱা ৬টা বজাত পেট্র’ল তথা ডিজেলৰ দাম জাৰি কৰে তেল কোম্পানীসমূহে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|