আইঅচিএলে দেওবাৰৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ নতুন ৰেট জাৰি কৰিছে।
আইঅচিএলে দেওবাৰৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ নতুন ৰেট জাৰি কৰিছে।
খাৰুৱা তেলৰ ব্যাপক অস্থিৰতাৰ মাজত আজিও পেট্ৰ'ল- ডিজেলৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। মুম্বাইত পেট্ৰ'লৰ মূল্য এতিয়াও প্ৰতি লিটাৰত প্ৰায় ১১০ টকা হৈ আছে। বিশ্ব বজাৰত অশোধিত তেলৰ মূল্য হ্ৰাস হোৱা দেখা গৈছে, কিন্তু...
আইঅচিএলে দেওবাৰৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ নতুন ৰেট জাৰি কৰিছে। খাৰুৱা তেলৰ ব্যাপক অস্থিৰতাৰ মাজত আজিও পেট্ৰ'ল- ডিজেলৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। মুম্বাইত পেট্ৰ'লৰ মূল্য এতিয়াও প্ৰতি লিটাৰত প্ৰায় ১১০ টকাত সৰ্বাধিক হৈ আছে। বিশ্ববজাৰত অশোধিত তেলৰ মূল্য হ্ৰাস হোৱা দেখা গৈছে। কিন্তু ঘৰুৱা বজাৰৰ খুচুৰা মূল্য যোৱা চাৰি মাহধৰি স্থিৰ হৈ আছে।
একে সময়তে, আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ হাৰ উঠা-নমা অব্যাহত আছে। ব্ৰেণ্ট ক্ৰুড অইলৰ মূল্য আজি পুৱা প্ৰতি বেৰেলত ১১২ ডলাৰৰ আশে-পাশে আছে।
আজিৰ দিনটোত কোন চহৰত কিমান হ'ল পেট্ৰ'ল-ডিজেলৰ মূল্যঃ
দিল্লীত পেট্ৰ'ল ৯৫.৪১ টকা আৰু ডিজেলৰ মূল্য ৮৬.৬৭ টকা প্ৰতিলিটাৰ।
মুম্বাইত পেট্ৰ'ল ১০৯.৯৮ টকা আৰু ডিজেল ৯৪.১৪ টকা প্ৰতি লিটাৰ।
চেন্নাইত পেট্ৰ'ল ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা প্ৰতি লিটাৰ।
গুৱাহাটীত পেট্ৰ'ল ৯৪.৫৮ টকা। আনহাতে ডিজেল প্ৰতি লিটাৰত ৮১.২৯ টকা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|