খাৰুৱা তেলৰ দাম বৃদ্ধিৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে দেওবাৰে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে।
খাৰুৱা তেলৰ দাম বৃদ্ধিৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে দেওবাৰে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে।
Petrol Diesel Prices Today: ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধৰ (Russia-Ukraine War) ফলত খাৰুৱা তেলৰ দাম সৰ্বোচ্চ স্তৰত উপনীত হৈছে। ব্ৰেণ্ট গ্ৰুড ১১৮ ডলাৰ প্ৰতি বেৰেল হৈছেগৈ। এয়া সাত বছৰৰ সৰ্বোচ্চ স্তৰ। খাৰুৱা তেলৰ দাম বৃদ্ধিৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে দেওবাৰে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে।
তেল কোম্পানীসমূহে বিগত দিনত লক্ষ্ণৌ, গুৰুগ্ৰাম, পাটনাৰ দৰে ৰাজ্যৰ ৰাজধানীসমূহত তেলৰ দাম সালসলনি কৰিছিল। অৱশ্যে প্ৰায় চাৰি মাহ ধৰি দিল্লী, মুম্বাই. চেন্নাই, কলকাতা আদিৰ দৰে চহৰত পেট্ৰ’ল–ডিজেলৰ দাম স্থিৰ হৈ আছে। মুম্বাইত এতিয়াও পেট্ৰ’লৰ দাম ১১০ টকা প্ৰতিলিটাৰৰ আশে–পাশে হৈ আছে।
কেইখনমান প্ৰধান চহৰত আজিৰ পেট্ৰ’ল–ডিজেলৰ দাম
– দিল্লীত পেট্ৰ’ল ৯৫.৪১ টকা আৰু ডিজেল ৮৬.৬৭ টকা প্ৰতিলিটাৰ।
– মুম্বাইত পেট্ৰ’ল ১০৯.৯৮ টকা আৰু ডিজেল ৯৪.১৪ টকা প্ৰতিলিটাৰ।
– চেন্নাইত পেট্ৰ’ল ১০১.৪০ টকা আৰু ডিজেল ৯১.৪৩ টকা প্ৰতিলিটাৰ।
– কলকাতাত পেট্ৰ’ল ১০৪.৬৭ টকা আৰু ডিজেল ৮৯.৭৯ টকা প্ৰতিলিটাৰ।
– গুৱাহাটীত পেট্ৰ’ল ৯৪.৬৩ টকা আৰু ডিজেল ৮১.৩৩ টকা প্ৰতিলিটাৰ।
প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ দাম সালসলনি হয়। পুৱা ৬ বজাৰ পৰাই নতুন দাম কাৰ্যকৰী হয়। পেট্ৰ’ল আৰু ডিজেলৰ এক্সাইজ ডিউটি, ডিলাৰ কমিচন, ভেট আৰু আন কৰ যোগ কৰাৰ পিছত ইয়াৰ দাম মূল দামতকৈ প্ৰায় দুগুণ হৈ পৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|