২২ মাৰ্চত প্ৰথম দাম বৃদ্ধি কৰাৰ পিছৰে পৰা বিগত ১৩ দিনৰ ভিতৰত ১১ দিনেই বৃদ্ধি কৰা হৈছে ইন্ধনৰ দাম।
২২ মাৰ্চত প্ৰথম দাম বৃদ্ধি কৰাৰ পিছৰে পৰা বিগত ১৩ দিনৰ ভিতৰত ১১ দিনেই বৃদ্ধি কৰা হৈছে ইন্ধনৰ দাম।
দেওবাৰে পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। প্ৰতিলিটাৰত ৮০ পইচাকৈ বৃদ্ধি কৰা হ’ল পেট্ৰ’ল–ডিজেলৰ দাম Petrol Diesel Prices Today)। এই নতুন দাম বৃদ্ধিৰ ফলত বিগত ১৩টা দিনত মুঠ ৮ টকা বৃদ্ধি পালে প্ৰতিলিটাৰ ইন্ধনৰ দাম! ৰাজ্যৰ খুচুৰা ইন্ধন বিক্ৰেতাসকলে জাৰি কৰা মূল্য অনুসৰি, দিল্লীত পেট্ৰ’লৰ দাম এতিয়া প্ৰতিলিটাৰত ১০৩.৪১ টকা, যিটো পূৰ্বে আছিল ১০২.৬১ টকা। ডিজেলৰ দাম প্ৰতিলিটাৰত আজি ৯৩.৮৭ টকাৰ বৃদ্ধি হৈ হৈছে ৯৪.৬৭ টকা।
মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম ক্ৰমে ১১৮.৪১ টকা (৮৪ পইচা বৃদ্ধি) আৰু ১০২.৬৪ টকা (৮৫ পইচা বৃদ্ধি। চেন্নাইত ৭৫ পইচাকৈ বৃদ্ধিৰ পিছত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম ক্ৰমে ১০৮.৯৬ টকা আৰু ৯৯.০৪ টকা। কলকাতাত পেট্ৰ’লৰ দাম ১১৩.০৩ টকা (৮৪ পইচা বৃদ্ধি) আৰু ডিজেলৰ দাম ৯৭.৮২ টকা (৮০ পইচা বৃদ্ধি)।
২২ মাৰ্চত প্ৰথম দাম বৃদ্ধি কৰাৰ পিছৰে পৰা বিগত ১৩ দিনৰ ভিতৰত ১১ দিনেই বৃদ্ধি কৰা হৈছে ইন্ধনৰ দাম। ২০২১ চনত ৪ নৱেম্বৰৰ পিছৰে পৰা চাৰে চাৰি মাহ ইন্ধনৰ দাম বৃদ্ধি হোৱা নাছিল, সেই দীৰ্ঘ স্থবিৰতাৰ অৱসান ঘটিছে মাত্ৰ এটা সপ্তাহতে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|