মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»পেট্ৰ'ল-ডিজেলৰ মূল্যই ৰচিলে অভিলেখ! ১০০ৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ'লৰ মূল্যই, আৰু কিমান বাঢ়িব দাম?

পেট্ৰ'ল-ডিজেলৰ মূল্যই ৰচিলে অভিলেখ! ১০০ৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ'লৰ মূল্যই, আৰু কিমান বাঢ়িব দাম?

News18 Assam | News18-Assam
Updated:May 11, 2021, 11:40 AM IST
পেট্ৰ'ল-ডিজেলৰ মূল্যই ৰচিলে অভিলেখ! ১০০ৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ'লৰ মূল্যই,  আৰু কিমান বাঢ়িব দাম?
সোমবাৰৰ দিনটোতো প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ২৬ পইচা আৰু ডিজেলৰ মূল্য ৩৩ পইচা বৃদ্ধি কৰা হৈছিল।

সোমবাৰৰ দিনটোতো প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ২৬ পইচা আৰু ডিজেলৰ মূল্য ৩৩ পইচা বৃদ্ধি কৰা হৈছিল।

  • Share this:
কোৰোণাকালীন সময়ৰ মাজতে বিগত এসপ্তাহ ধৰি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য। যাৰ পিছত মঙলবাৰৰ দিনটোত অৰ্থাৎ আজি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাত ই অভিলেখ পৰ্যায়ত উপনীত হয়। দেশৰ বহু চহৰত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্যই ১০০ৰ ঘৰ অতিক্ৰম কৰে। চৰকাৰী তেল কোম্পানীসমূহে জাৰি কৰা নতুন মূল্য অনুসৰি আজি পেট্ৰ'লৰ মূল্যত ২৭ পইচা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩০ পইচা বৃদ্ধি কৰা হৈছে। আনফালে সোমবাৰৰ দিনটোতো প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ২৬ পইচা আৰু ডিজেলৰ মূল্য ৩৩ পইচা বৃদ্ধি কৰা হৈছিল।

৪ টকা ব্যয়বহুল হ'ব পাৰে পেট্ৰ'ল-

আইআইএফএল ছিকিউৰিটিজৰ উপ-সভাপতি অনুজ গুপ্তাই কয় যে চাহিদা বৃদ্ধি হোৱাৰ লগে লগে খাৰুৱা তেল ব্যয়বহুল হ'বলৈ আৰম্ভ কৰিছে। এনে পৰিস্থিতিত এই মাহৰ শেষৰ ফালে ব্ৰেণ্ট ক্ৰুড প্ৰতি বেৰেলত ৭৫ ডলাৰ হোৱাৰ উচ্চ আকংশা আছে। যদি এনে হয় তেন্তে ভাৰতীয় বজাৰত পেট্ৰ'ল ৩ৰ পৰা ৪ টকা ব্যয়বহুল হোৱাৰ সম্ভৱনা আছে।

কোনকেইন চহৰত পেট্ৰ'লৰ মূল্যই অতিক্ৰম কৰিছে ১০০ৰ ঘৰ -

>> শ্ৰীগংগানগৰত পেট্ৰ'ল প্ৰতি লিটাৰত ১০২.৭০ টকা আৰু ডিজেল ৯৫.০৬ টকা।

>> অনুপপুৰত পেট্ৰ'ল প্ৰতি লিটাৰত ১০২.৪০ টকা আৰু ডিজেল ৯৩.০৬ টকা।

>> ৰেৱাত পেট্ৰ'ল প্ৰতি লিটাৰত ১০২.০৪ টকা আৰু ডিজেল ৯২.৭৩ টকা।

>> পাৰভানীত পেট্ৰ'ল প্ৰতি লিটাৰত ১০০.৫০ টকা আৰু ডিজেল ৯০.৪১ টকা।

>> ইন্দোৰত পেট্ৰ'ল প্ৰতি লিটাৰত ৯৯.৯০ টকা আৰু ডিজেল ৯০.৭৭ টকা।

>> ভূপালত পেট্ৰ'ল ৯৯.৮৩ টকা আৰু ডিজেল ৯০.৬৮ টকা।

চাৰিখন মহানগৰত পেট্ৰ'ল ডিজেলৰ মূল্য এনেধৰণৰ -

>> দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯১.৮০ টকা আৰু ডিজেল ৮২.৩৬ টকা।

>> মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'ল ৯৮.১২ টকা আৰু ডিজেল ৮৯.৪৮ টকা।

>> চেন্নাইত পেট্ৰ'ল ৯৩.৬২ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৭.২৫ টকা।

>>  কলকাতাত পেট্ৰ'ল ৯১.৯২ টকা আৰু ডিজেল ৮৫.২০ টকা।

প্ৰতিদিনে পুৱা ৬ বজাাত সলনি হয় মূল্য -

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে পুৱা ৬ বজাত পৰিৱৰ্তন হয়। নতুন মূল্যবোৰ পুৱা ৬ বজাৰ পৰাই কাৰ্যকৰী হয়। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত ইয়াৰ মূল্য প্ৰায় দুগুণ হৈ পৰে। বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয়।

এনেদৰে পৰীক্ষা কৰক আপোনাৰ চহৰৰ মূল্য -

আপুনি SMSৰ জৰিয়তে পেট্ৰ'ল-ডিজেল মূল্য জানিব পাৰে। প্ৰতিদিনে পুৱা ৬ বজাৰ পিছতেই নতুন পেট্ৰ'ল ডিজেলৰ মূল্য জাৰি কৰা হয়। ইণ্ডিয়ান অইল বেৱছাইটৰ মতে আপুনি RSPৰ সৈতে আপোনাৰ চহৰৰ কোড লিখি 92249 92249 লৈ SMS প্ৰেৰণ কৰিব লাগিব। প্ৰতিখন চহৰৰ ভিন্ন কোড থাকে। সেয়া আপুনি IOCLৰ ৱেবছাইটত চাব পাৰিব। আনফালে, BPCLৰ গ্ৰাহকে RSP লিখি 9223112222 নম্বৰত আৰু HPCLৰ গ্ৰাহকে HPPrice লিখি 9222201122 নম্বৰত মেছেজ প্ৰেৰণ আপোনাৰ চহৰৰ পেট্ৰ'ল-ডিজেলৰ মূল্য জানিব পাৰিব।
Published by: Sanjay Kumar Das
First published: May 11, 2021, 11:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি