Petrol-Diesel Price Today : হঠাৎ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য! কিমান বাঢ়িল দাম?

News18 Assam | News18-Assam
Updated:May 4, 2021, 1:26 PM IST
Petrol-Diesel Price Today : হঠাৎ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য! কিমান বাঢ়িল দাম?
পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে পুৱা ৬ বজাত পৰিৱৰ্তন হয়। নতুন মূল্যবোৰ পুৱা ৬ বজাৰ পৰাই কাৰ্যকৰী হয়।

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে পুৱা ৬ বজাত পৰিৱৰ্তন হয়। নতুন মূল্যবোৰ পুৱা ৬ বজাৰ পৰাই কাৰ্যকৰী হয়।

  • Share this:
Petrol-Diesel Price Today : ১৮ দিনৰ মূল্য স্থিৰতাৰ অন্তত আজি হঠাৎ বৃদ্ধি পালে পেট্ৰ'ল ডিজেলৰ মূল্য। চৰকাৰী তেল কোম্পানীবোৰে প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১৫ৰ পৰা ২০পইচালৈ বৃদ্ধি কৰিছে।

বিগত ১৮টা দিনে চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ'ল-ডিজেলৰ মূল্য স্থিৰ কৰি ৰখাৰ পিছত আজি পুনৰ বৃদ্ধি কৰিলে ইয়াৰ দাম । আজি হঠাৎ পেট্ৰ'ল ডিজেলৰ মূল্য ১৫ৰ পৰা ২০ পইচালৈ বৃদ্ধি কৰা হয়। ইয়াৰ লগে লগে মঙলবাৰে দেশৰ ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯০.৫৫ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্যই স্পৰ্শ কৰে প্ৰায় ৮১ৰ ঘৰ। ইপিনে ঘৰুৱা বজাৰত পেট্ৰ'ল আৰু ডিজেলৰ এই মূল্য বৃদ্ধিয়ে সমস্যা বৃদ্ধি কৰিছে সাধাৰণ জনতাৰ।

১৮টা দিনৰ অন্তত বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য -

লক্ষ্যণীয় যে ইয়াাৰ পূৰ্বে পেট্ৰ'ল ডিজেলৰ মূল্য হ্ৰাস কৰা হৈছিল। ১৫ এপ্ৰিলত শেষবাৰৰ বাবে প্ৰতি লিটাৰ পেট্ৰ'লত ১৬ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ১৪ পইচা হ্ৰাস কৰা হৈছিল। তেতিয়াৰ পৰাই ইন্ধনৰ এই মূল্য বোৰ ক্ৰমান্বয়ে স্থিৰ হৈ আহিছিল।

৪ মে' অৰ্থাৎ আজিৰ দিনটোত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য এনেধৰেণৰ -
>> দিল্লীত পেট্ৰ'ল ৯০.৫৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮০.৯১ টকা।

>> মুম্বাইত পেট্ৰ'ল ৯৬.৯৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৭.৯৮ টকা।

>> চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ'লত ৯২.৫৫ টকা আৰু ডিজেলত ৮৫.৯০ টকা।

>> কলকাতাত পেট্ৰ'ল ৯০.৭৬ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৩.৭৮ টকা।

>> নয়ডাত প্ৰতি লিটাৰ পেট্ৰ'লত ৮৮.৯২ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৮১.৩৯ টকা।

>> ভূপালত পেট্ৰ'ল ৯৮.৫৭ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৯.১৭ টকা।

>> লক্ষ্ণৌত পেট্ৰ'ল ৮৮.৮৪ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮১.৩১ টকা।

>> বাংগালুৰুত পেট্ৰ'ল প্ৰতি লিটাৰত ৯৩.৬০ টকা আৰু ডিজেল ৮৫.৮১ টকা।

>> চণ্ডীগড়ত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৮৭.১৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮০.৬২ টকা।

>> পাটনাত পেট্ৰ'ল প্ৰতি লিটাৰত ৯২.৮৭ টকা আৰু ডিজেলত ৮৬.৯৪ টকা।

এনেদৰে পৰীক্ষা কৰক আপোনাৰ চহৰৰ মূল্য -

দেশৰ তিনিটাকৈ তেল বিপণন কোম্পানী HPCL, BPCL আৰু IOC য়ে পুৱা ৬ বজাৰ পিছতেই নতুন পেট্ৰ'ল ডিজেলৰ মূল্য জাৰী কৰে। নতুন মূল্যৰ বাবে ৱেবছাইটলৈ গৈ তথ্য লাভ কৰিব পাৰিব। একে সময়তে, আপুনি SMSৰ জৰিয়তেও মূল্য পৰীক্ষা কৰিব পাৰে। আপুনি 92249 92249 লৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল-ডিজেলৰ মূল্যৰ বিষয়েও জানিব পাৰে।

আপুনি RSP<Space> পেট্ৰ'ল পাম্প ডিলাৰৰ কোড লিখি 92249 92249 লৈ প্ৰেৰণ কৰিব লাগিব। যদি আপুনি দিল্লীত আছে আৰু বাৰ্তাৰ জৰিয়তে পেট্ৰ'ল ডিজেলৰ মূল্য জানিব বিচাৰে, আপুনি RSP102072 লিখিব লাগিব আৰু ইয়াক 92249 92249 লৈ প্ৰেৰণ কৰিব লাগিব।

প্ৰতিদিনে সলনি হয় মূল্য -

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে পুৱা ৬ বজাত পৰিৱৰ্তন হয়। নতুন মূল্যবোৰ পুৱা ৬ বজাৰ পৰাই কাৰ্যকৰী হয়। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত ইয়াৰ মূল্য প্ৰায় দুগুণ হৈ পৰে। বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয়।
Published by: Sanjay Kumar Das
First published: May 4, 2021, 1:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি