চৰকাৰী তেল কোম্পানীসমূহে আজি দেশৰ চাৰিখন মহানগৰসহ মুখ্য চহৰসমূহত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছে।
চৰকাৰী তেল কোম্পানীসমূহে আজি দেশৰ চাৰিখন মহানগৰসহ মুখ্য চহৰসমূহত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছে।
ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰ’ল–ডিজেলৰ দাম। বুধবাৰেও পেট্ৰ’লৰ দাম ৮০–৮৫ পইচা প্ৰতিলিটাৰত আৰু ডিজেল ৭০–৭৫ পইচা প্ৰতি লিটাৰত বৃদ্ধি পাইছে। চৰকাৰী তেল কোম্পানীসমূহে আজি দেশৰ চাৰিখন মহানগৰসহ মুখ্য চহৰসমূহত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছে।
দিল্লীত পেট্ৰ’ল ৮০ পইচা প্ৰতিলিটাৰত বৃদ্ধি হৈ ১০১ টকা হৈছে। মুম্বাইত পেট্ৰ’লত ৮৫ পইচা বৃদ্ধি হৈছে। দিল্লীত ডিজেলৰ দামো ৮০ পইচাকৈ বৃদ্ধি পাইছে আজিৰ দিনটোত।
চাৰিখন মহানগৰত পেট্ৰ’ল–ডিজেলৰ দাম
– দিল্লীত পেট্ৰ’ল ১০১.০১ টকা আৰু ডিজেল ৯২.২৭ টকা প্ৰতিলিটাৰ।
– মুম্বাইত পেট্ৰ’ল ১১৫.৮৮ টকা আৰু ডিজেল ১০০.১০ টকা প্ৰতিলিটাৰত।
– চেন্নাইত পেট্ৰ’ল ১০৬.৬৯ টকা আৰু ডিজেল ৯৬.৭৬ টকা প্ৰতিলিটাৰ।
– কলকাতাত পেট্ৰ’ল ১১০.৫২ টকা আৰু ডিজেল ৯৫.৪২ টকা প্ৰতিলিটাৰ।
আনহাতে, গুৱাহাটীত আজি ১০০ৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ দামে। গুৱাহাটীত আজি ১.৪২ টকা বৃদ্ধি হৈ প্ৰতিলিটাৰত হৈছে ১০১.৪৫ টকা। ডিজেলৰ দাম ১.৩৪ টকা বৃদ্ধি হৈ প্ৰতিলিটাৰত হৈছেগৈ ৮৭.৩৭ টকা। বিগত ১০ দিনৰ ভিতৰত ৯টা দিনতে বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ দাম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|