চৰকাৰী তেল কোম্পানীসমূহে এই সপ্তাহৰ আৰম্ভণি পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধিৰ সৈতে কৰিছে। সোমবাৰে পেট্ৰ’ল প্ৰায় ৩০ পইচা আৰু ড়িজেল ৩৫ পইচা প্ৰতিলিটাৰত বৃদ্ধি হৈছে। চৰকাৰী তেল কোম্পানীসমূহে আজি দেশৰ চাৰিখন মহানগৰসহ সকলো মুখ্য চহৰত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছে। দিল্লীত পেট্ৰ’ল ৩০ পইচা প্ৰতিলিটাৰ আৰু ডিজেল ৩৫ পইচা প্ৰতিলিটাৰত বৃদ্ধি পাইছে। বিগত সপ্তাহত পেট্ৰ’লৰ দাম চাৰি টকা বৃদ্ধি হৈছে। ডিজেলৰ দামো বৃদ্ধি হৈছে সম পৰিমাণত।
চাৰিখন মহানগৰত পেট্ৰ’ল–ডিজেলৰ দাম– দিল্লীত পেট্ৰ’ল ৯৯.৪১ টকা আৰু ডিজেল ৯০.৭৭ টকা প্ৰতিলিটাৰ।
– মুম্বাইত পেট্ৰ’ল ১১৪.১৯ টকা আৰু ডিজেল ৯৮.৫০ টকা প্ৰতিলিটাৰত।
– চেন্নাইত পেট্ৰ’ল ১০৫.১৮ টকা আৰু ডিজেল ৯৫.২২ টকা।
– কলকাতাত পেট্ৰ’ল ১০৮.৮৫ টকা আৰু ডিজেল ৯৩.৯২ টকা
আনহাতে, গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পাইছে ৩৩ পইচা। আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছেগৈ ৯৯ টকা। আনহাতে, ডিজেলৰ দাম আজি ৩৭ পইচা বৃদ্ধি হৈ প্ৰতিলিটাৰত হৈছে ৮৫.১৬ টকা। বিগত ৭ দিনৰ ভিতৰত ৬ দিনেই বৃদ্ধি পাইছে পেট্ৰ’ল–ডিজেলৰ দাম।