তেল কোম্পানীসমূহে দেওবাৰে চিএনজিৰ দাম বৃদ্ধি কৰিছিল, কিন্তু পেট্ৰ’ল–ডিজেলৰ দাম প্ৰায় ৪১ দিন ধৰি স্থিৰ হৈ আছে। তেল কোম্পানীসমূহে দেওবাৰে চিএনজিৰ দাম বৃদ্ধি কৰিছিল, কিন্তু পেট্ৰ’ল–ডিজেলৰ দাম প্ৰায় ৪১ দিন ধৰি স্থিৰ হৈ আছে।
গ্ল’বেল মাৰ্কেটত কেঁচা তেলৰ দম ১১৪ ডলাৰ প্ৰতি বেৰেল হৈছেগৈ। ইয়াৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে মঙলবাৰে পেট্ৰ’ল–ডিজেলৰ দৰ জাৰি কৰিছে। বজাৰ বিশ্লেষকৰ মতে, অপৰিশোধিত তেলৰ দাম বাঢ়ি থাকিলে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি পাব পাৰে।
তেল কোম্পানীসমূহে দেওবাৰে চিএনজিৰ দাম বৃদ্ধি কৰিছিল, কিন্তু পেট্ৰ’ল–ডিজেলৰ দাম প্ৰায় ৪১ দিন ধৰি স্থিৰ হৈ আছে। ইয়াৰ পূৰ্বে মাৰ্চ–এপ্ৰিলত পেট্ৰ’ল–ডিজেলৰ দাম ১০.২০ টকা প্ৰতিলিটাৰত বৃদ্ধি হৈছিল। অন্তিমবাৰ ৬ এপ্ৰিলত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছিল।
কেইখনমান মহানগৰত পেট্ৰ’ল–ডিজেলৰ দাম
– দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা আৰু ডিজেল ৯৬.৬৭ টকা প্ৰতিলিটাৰত।
– মুম্বাইত পেট্ৰ’ল ১২০.৫১ টকা আৰু ডিজেল ১০৪.৭৭ টকা প্ৰতিলিটাৰত।
– চেন্নাইত পেট্ৰ’ল ১১০.৮৫ টকা আৰু ডিজেল ১০০.৯৪ টকা প্ৰতিলিটাৰত।
– কলকাতাত পেট্ৰ’ল ১১৫.১২ টকা আৰু ডিজেল ৯৯.৮৩ টকা প্ৰতিলিটাৰত।
Published by: Sanjay Kumar Das
First published: May 17, 2022, 08:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|