உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Petrol Diesel Price Hike : বাঢ়িয়েই আছে পেট্ৰ'ল-ডিজেলৰ মূল্য! ১২ দিনত বাঢ়িল ৭.২০ টকা, গুৱাহাটীত আজিৰ দিনটোত কিমান হ'ল প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম?

    Petrol Diesel Price Hike : বাঢ়িয়েই আছে পেট্ৰ'ল-ডিজেলৰ মূল্য! ১২ দিনত বাঢ়িল ৭.২০ টকা, গুৱাহাটীত আজিৰ দিনটোত কিমান হ'ল প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম?

    পেট্ৰ'ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷

    পেট্ৰ'ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷

    পেট্ৰ'ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷

    • Share this:
    সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন। যেন পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱালৈহে ৰৈ আছিল চৰকাৰ। পেট্ৰ'ল আৰু ডিজেলৰ মূল্য শনিবাৰৰ দিনটোতো প্ৰতিলিটাৰত ৮০ পইচা বৃদ্ধি কৰা হৈছে। যাৰ ফলত যোৱা ১২ দিনত প্ৰটি লিটাৰ পেট্ৰলৰ দাম বাঢ়িল মুঠ ৭.২০ টকা।

    গুৱাহাটীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম হ'লগৈ ১০৩.০২ টকা। সেইদৰে প্ৰতি লিটাৰ ডিজেলৰ দাম ৮৮.৮৭টকা।

    পেট্ৰ'ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷ পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন, ভেট আৰু অন্যান্য মাচুল যোগ দিয়াৰ পিছত, গ্ৰাহকসকলে প্ৰায় দুগুণ মূল্যত তেল ক্ৰয় কৰিব লগীয়া হয়।

    এছএমএছৰ জৰিয়তে পেট্ৰ'ল আৰু ডিজেলৰ দৈনিক মূল্য সহজে জানিব পাৰি৷ ইণ্ডিয়ান অইলৰ গ্ৰাহকসকলে 9224992249 নম্বৰত আৰ এছ পি লিখি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব, বিপিচিএল ৰ গ্ৰাহকসকলে আৰএছপি লিখি 9223112222 নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব৷ এইচপিচিএল ৰ গ্ৰাহকসকলে এইচপিপ্ৰাইচ লিখি 9222201122 নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰি মূল্য জানিব পাৰিব৷
    Published by:Himangshu Bhuyan
    First published: