• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Petrol Diesel Prices : পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, জানক আপোনাৰ চহৰৰ আজিৰ দাম

Petrol Diesel Prices : পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি, জানক আপোনাৰ চহৰৰ আজিৰ দাম

ৰাজধানী দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা প্ৰতিলিটাৰত বিক্ৰী হৈ আছে। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম বৰ্তমান ১২০ টকাৰো অধিক।

ৰাজধানী দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা প্ৰতিলিটাৰত বিক্ৰী হৈ আছে। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম বৰ্তমান ১২০ টকাৰো অধিক।

ৰাজধানী দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা প্ৰতিলিটাৰত বিক্ৰী হৈ আছে। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম বৰ্তমান ১২০ টকাৰো অধিক।

  • Share this:


Petrol Diesel Prices : চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ নতুন দাম জাৰি কৰিছে। আজি দেওবাৰেও দামৰ কোনো সালসলনি ঘটোৱা হোৱা নাই। ধাৰাবাহিকভাৱে ২৫ দিন ধৰি পেট্র’ল–ডিজেলৰ দামৰ কোনো সালসলনি কৰা হোৱা নাই। গ্ল’বেল মাৰ্কেটত খাৰুৱা তেলৰ দাম এতিয়াও ১০০ ডলাৰ প্ৰতি বেৰেলৰ ওপৰত আছে। তেল কোম্পানীসমূহে শেষবাৰ ৬ এপ্ৰিলত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছিল। ইয়াৰ পিছত দেশৰ কেইবাখনো মহানগৰৰ লগতে মুখ্য চহৰসমূহত তেলৰ দাম স্থিৰ হৈ আছিল।

ৰাজধানী দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা প্ৰতিলিটাৰত বিক্ৰী হৈ আছে। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম বৰ্তমান ১২০ টকাৰো অধিক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ পৰা ভেট হ্ৰাস কৰি পেট্ৰ’ল–ডিজেলৰ দামৰ ক্ষেত্ৰত সাধাৰণ জনতাক সকাহ দিয়াৰ বাবে আহ্বান জনাইছে।

পাঁচখন মহানগৰীত আজি পেট্ৰ’ল–ডিজেলৰ দাম

– দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা আৰু ডিজেল ৯৬.৬৭ টকা প্ৰতি লিটাৰ।

– মুম্বাইত পেট্ৰ’ল ১২০.৫১ টকা আৰু ডিজেল ১০৪.৭৭ টকা প্ৰতিলিটাৰ।

– চেন্নাইত পেট্ৰ’ল ১১০.৮৫ টকা আৰু ডিজেল ১০০.৯৪ টকা প্ৰতিলিটাৰ।

– কলকাতাত পেট্ৰ’ল ১১৫.১২ টকা আৰু ডিজেল ৯৯.৮৩ টকা প্ৰতিলিটাৰ।

– গুৱাহাটীত পেট্ৰ’ল ১০৫.৭২ টকা আৰু ডিজেল ৯১.৪৬ টকা।

Published by:Sanjay Kumar Das
First published: