ভাল খবৰ! ১৫ দিনত ইমানলৈকে কমিব পাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য

আগন্তুক ১৫ দিনৰ ভিতৰত কমিব পাৰে পেট্ৰ’ল–ডি়জেলৰ মুল্য ।

news18
Updated:May 8, 2019, 12:24 PM IST
ভাল খবৰ! ১৫ দিনত ইমানলৈকে কমিব পাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য
আগন্তুক ১৫ দিনৰ ভিতৰত কমিব পাৰে পেট্ৰ’ল–ডি়জেলৰ মুল্য ।
news18
Updated: May 8, 2019, 12:24 PM IST
আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য । ৭৪ টকা প্ৰতি বেৰলৰ পৰা ৭০ টকা প্ৰতি বেৰললৈ হ্ৰাস খাৰুৱা তেলৰ মুল্য । ফলস্বৰূপে আগন্তুক ১৫ দিনৰ ভিতৰত কমিব পাৰে পেট্ৰ’ল–ডি়জেলৰ মুল্য । বিশ্বৰ সৰ্বোচ্চ গৱেষনা সংস্থা বেংক অৱ আমেৰিকাই প্ৰকাশ কৰে যে আগন্তুক দিনত ছৌদি আৰৱত খাৰুৱা তেলৰ উৎপাদন বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে যাৰ প্ৰভাৱ ভাৰতৰ অৰ্থ ব্যৱস্থাত পৰাৰ লগতে কিছু পৰিমানে হ্ৰাস পাব পেট্ৰ’ল-ডি়জেলৰ মুল্য ।

আই অ ছিৰ ৱেবচাইটত প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা এমাহ ধৰি পেট্ৰ’ল প্ৰতি লিটাৰত ৭২ ৰ পৰা ৭৩ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্যতো ৬০ পইচা বৃদ্ধি পাইছে । কিন্তু বিশেষজ্ঞ সকলৰ মতে খাৰুৱা তেলৰ মূল্য ৭০ টকা প্ৰতি বেৰললৈ হ্ৰাস পোৱাৰ ফলত পেট্ৰ’ল ডি়জেলৰ বৰ্তমান মূল্যৰ তুলনাত ১-২ টকা হ্ৰাস পাব পাৰে ।

বেংক অৱ আমেৰিকাৰ তথ্য অনুসৰি গ্ল’ৱেল গ্ৰউথৰ হাৰ হ্ৰাস পোৱাৰ লগতে চীন আৰু আমেৰিকাৰ মাজত চলি থকা বানিজ্যিক সংঘাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ চাহিদা কম হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত কেঁচা তেলৰ মূল্য ৭০ টকা প্ৰতি বেৰলৰ তললৈ হ্ৰাস পাব পাৰে ।
আৰু চাওক পৰৱৰ্তী বাতৰি