ইৰাণৰ পৰা ভাৰতে ক্ৰয় কৰে প্ৰায় ৮০ শতাংশ খাৰুৱা তেল
ইৰাণৰ পৰা ভাৰতে ক্ৰয় কৰে প্ৰায় ৮০ শতাংশ খাৰুৱা তেল
আমেৰিকাৰ বিমান আক্ৰমণত নিহত হৈছে ইৰাণৰ কুদ্ছ ফ’ৰ্চৰ কমাণ্ডাৰ জেনেৰেল কাছিম ছুলেমানী। আমেৰিকাই বৃহস্পতিবাৰে নিশা ইৰাকৰ ৰাজধানী বাগদাদত বিমান আক্ৰমণেৰে কুদ্ছ ফ’ৰ্চৰ মুৰব্বী মেজৰ জেনেৰেল কাছিম ছুলেমানীক হত্যা কৰে।
ইয়াৰ পিছত আজিও আমেৰিকাই ইৰাকত চলালে এয়াৰ ষ্ট্ৰাইক। আমেৰিকা সেনাই শনিবাৰে পুৱা ইৰাকী সেনাৰ এগৰাকী কামাণ্ডাৰক লক্ষ্য কৰি লয়। ইৰাকৰ চৰকাৰী টিভি চেনেলৰ খবৰ অনুযায়ী, এই আক্ৰমণ ৰাজধানী বাগদাদৰ উত্তৰ প্ৰান্তত কৰা হয়। আৰক্ষীৰ সুত্ৰৰ খবৰ অনুসৰি, এই আক্ৰমণত মৃত্য হয় ৫ জনৰ।
ইৰাণৰ কুদ্ছ ফ’ৰ্চৰ কমাণ্ডাৰ জেনেৰেল কাছিম ছুলেমানীক আমেৰিকাই হত্যা কৰাৰ পিছত অশান্ত হৈ পৰিছে ইৰাণ। ফলত এতিয়া চন্তাত পৰিছে ভাৰত। কাৰণ ভাৰতৰ খাৰুৱা তেলৰ বজাৰ ইৰাণৰ ওপৰতে আটাইতকৈ নিৰ্ভৰশীল। দেশৰ ৮০ শতাংশ খাৰুৱা তেল ক্ৰয় কৰা হয় ইৰাণৰ পৰা। ইৰাণত শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিক ফলত ভাৰতবৰ্ষত দাম বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল–ডিজেলৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|