পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত মূল্যই আকৌ এবাৰ সাধাৰণ জনতাৰ মূৰত শোধাইছে ৰাম টাঙোন। কোৰোণাকালৰ মাজতে বুধবাৰে দ্বিতীয়টো দিনৰ বাবে তেল কোম্পানীবোৰে দেশত বৃদ্ধি কৰিছে পেট্ৰ'ল-ডিজেলৰ মূল্য। বিগত ১৮টা দিনৰ অন্তত প্ৰথমবাৰৰ বাবে মঙলবাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি কৰা পিছত আজি পুনৰ পেট্ৰ'লত ১৯ পইচা আৰু ডিজেলত ২১ পইচা বৃদ্ধি কৰা হৈছে।
প্ৰতিদিনে সলনি হয় মূল্য -পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে পুৱা ৬ বজাত পৰিৱৰ্তন হয়। নতুন মূল্য পুৱা ৬ বজাৰ পৰাই কাৰ্যকৰী হয়। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত ইয়াৰ মূল্য প্ৰায় দুগুণ হৈ পৰে। বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয়।
আজিৰ দিনটোত দেশৰ ভিন্ন চহৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য এনেধৰেণৰ -
- দিল্লীত পেট্ৰ'ল ৯০.৭৪ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮১.১২ টকা ।
- মুম্বাইত পেট্ৰ'ল ৯৭.১২ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৮.১৯ টকা ।
- চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ'লত ৯২.৭০ টকা আৰু ডিজেলত ৮৬.০৯ টকা।
- কলকাতাত পেট্ৰ'ল ৯০.৯২টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৩.৯৮ টকা।
- গুৱাহাটীত পেট্ৰ'ল ৮৭.৫২ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৮১.৬০ টকা।
এনেদৰে পৰীক্ষা কৰক আপোনাৰ চহৰৰ মূল্যদেশৰ তিনিটাকৈ তেল বিপণন কোম্পানী HPCL, BPCL আৰু IOC য়ে পুৱা ৬ বজাৰ পিছতেই নতুন পেট্ৰ'ল ডিজেলৰ মূল্য জাৰি কৰে। নতুন মূল্যৰ বাবে ৱেবছাইটলৈ গৈ তথ্য লাভ কৰিব পাৰিব। একে সময়তে, আপুনি SMSৰ জৰিয়তেও মূল্য পৰীক্ষা কৰিব পাৰে। আপুনি 92249-92249 লৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল-ডিজেলৰ মূল্যৰ বিষয়েও জানিব পাৰে।
আপুনি RSP
পেট্ৰ'ল পাম্প ডিলাৰৰ কোড লিখি 92249 92249 লৈ প্ৰেৰণ কৰিব লাগিব।Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|