உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Petrol-Diesel Price: কেতিয়াৰ পৰা হ্ৰাস পাব পেট্ৰ'ল- ডিজেলৰ দাম? আহিছে ভাল খবৰ...!

    Petrol-Diesel Price: কেতিয়াৰ পৰা হ্ৰাস পাব পেট্ৰ'ল- ডিজেলৰ দাম? আহিছে ভাল খবৰ...!

    পিছে কেতিয়া হ্ৰাস পাব পেট্ৰ'ল ডিজেলৰ দাম?

    পিছে কেতিয়া হ্ৰাস পাব পেট্ৰ'ল ডিজেলৰ দাম?

    পিছে কেতিয়া হ্ৰাস পাব পেট্ৰ'ল ডিজেলৰ দাম?

    • Share this:
    দেশত এতিয়া প্ৰতিদিনেই বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ দাম। ঘৰুৱা তেল কোম্পানীবোৰে ইন্ধনৰ হাৰ সংশোধন কৰি থকাৰ বাবেই এতিয়া হোৰাহোৰে বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ দাম। যোৱা ২২ মাৰ্চত চাৰে চাৰি মাহৰ দীঘলীয়া ব্যৱধানৰ অন্তত প্ৰথমবাৰলৈ বাঢ়িছিল পেট্ৰল-ডিজেলৰ দাম।

    যদিও সমগ্ৰ দেশতে ইন্ধনৰ হাৰ বৃদ্ধি কৰা হৈছে তথাপিও স্থানীয় কৰ আৰোপৰ ওপৰত ভিত্তি কৰি ৰাজ্যভেদে পেট্ৰ'ল-ডিজেলৰ দাম বেলেগ বেলেগ হয়।

    পিছে কেতিয়া হ্ৰাস পাব পেট্ৰ'ল ডিজেলৰ দাম?

    উল্লেখ্য যে, ভূ-ৰাজনৈতিক ক্ৰাইচিচৰ বাবে সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ মূল্য বিশ্বজুৰি বৃদ্ধি পাইছে। যাৰ প্ৰভাৱ পৰিছে ভাৰতীয় বজাৰতো। মাৰ্চ মাহৰ প্ৰথম ভাগতে অনুমান কৰা হৈছিল যে, দেশত প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলত প্ৰায় ১৫ৰ পৰা ২২ টকালৈকে বৃদ্ধি পাব।

    কমোডিটিজ এণ্ড মুদ্ৰা কেপিটেলভিয়া গ্লোবেল ৰিচাৰ্ছৰ মুখ্য ক্ষিতিজ পুৰোহিতে কয় যে, "ব্ৰেণ্ট অইলে ১২০ ডলাৰৰ পৰ্যন্ত এতিয়া প্ৰত্যাহ্বান জনাইছে। কিন্তু আমি এই মুহূৰ্তত পুনৰ বিকল্প সন্ধান কৰিবলৈ চিন্তা চৰ্চা কৰিছো।

    ইফালে সূত্ৰৰ খবৰ অনুসৰি এপ্ৰিলৰ শেষৰ ফালে কিছু হ্ৰাস পাব পাৰে যদিও ১০০ টকাৰ তললৈ অহাৰ কোনো সম্ভাৱনা নাই। কিন্তু ছমাহৰ ভিতৰত পেট্ৰ'ল-ডিজেলৰ মূল্যত এতিয়াৰ তুলনাত যথেষ্ট পাৰ্থক্য দেখিবলৈ পাব বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে।
    Published by:Himangshu Bhuyan
    First published: