পেট্ৰ'ল-ডিজেলৰ মূল্য (Petrol Diesel Price Today )ৰ পৰা বৰ্তমান সামান্য পৰিমাণে সকাহ লাভ কৰিছে সাধাৰণ জনতাই । আজি দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯০.৫৬ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮০.৮৭ টকা। দেশৰ ৰাজধানী চহৰকে ধৰি সকলো মহানগৰতে একেৰাহে ১৩টা দিনৰ বাবে ইন্ধনৰ মূল্যত কোনো ধৰণৰ সালসলনি হোৱা নাই ।
ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য সপ্তাহৰ আৰম্ভণিৰ দিনটোত সামান্য বৃদ্ধি দেখা গৈছিল । বিগত মাহৰ ২৪ আৰু ২৫ মাৰ্চত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য কিছু সস্তা হৈছিল আৰু ইয়াৰ পিছতে ৩০ মাৰ্চত পুনৰ মূল্য হ্ৰাস হৈছিল । মাৰ্চ মাহত এই তিনিদিনত প্ৰতি লিটাৰত মুঠ ৬১ পইচা হ্ৰাস পাইছিল পেট্ৰ’লৰ মূল্য ।
বিশেষজ্ঞসকলে মতে পেট্ৰ'ল আৰু ডিজেলক সামগ্ৰী আৰু সেৱা কৰ, জিএছটিৰ অধীনলৈ আনিলে সাধাৰণ জনতাই ইন্ধনৰ এই উচ্চ মূল্যৰ পৰা সকাহ পাব পাৰে । জিএছটিৰ বাবে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৭৫ টকালৈ হ্ৰাস পাব পাৰে আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৬৮ টকালৈ হ্ৰাস হ’ব পাৰে।
আপোনাৰ চহৰত আজিৰ দিনটোত পেট্ৰ'ল ডিজেলৰ মূল্য এনেধৰণৰ -
>> দিল্লীত পেট্ৰ'ল ৯০.৫৬ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮০.৮৭ টকা ।
>> মুম্বাইত পেট্ৰ'ল প্ৰতি লিটাৰত ৯৬.৯৮ টকা আৰু ডিজেল ৮৭.৯৬ টকা ।
>> চেন্নাইত পেট্ৰ'ল ৯২.৫৮ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৫.৮৮ টকা ।
>> কলকাতাত পেট্ৰ'ল প্ৰতি লিটাৰত ৯০.৭৭ টকা আৰু ডিজেল ৮৩.৭৫ টকা।
>> নয়ডাত পেট্ৰ'ল ৮৮.৯১ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮১.৩৩ টকা।
>> বাংগালুৰুত পেট্ৰ'ল প্ৰতি লিটাৰত ৯৩.৫৯ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৫.৭৫ টকা।
>> ভূপালত পেট্ৰ'ল ৯৮.৫৮ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৯.১৩ টকা।
>> চণ্ডীগড়ত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৮৭.১৪ টকা আৰু ডিজেল ৮০.৫৭ টকা।
>> পাটনাত পেট্ৰ'ল ৯২.৮৯ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৬.১২ টকা।
>> লক্ষ্ণৌত পেট্ৰ'ল প্ৰতি লিটাৰত ৮৮.৮৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮১.২৭ টকা।
মাৰ্চত পেট্ৰ'ল ৬১ পইচাকৈ সস্তা হৈছিল মূল্য -
মাৰ্চ মাহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য তিনিবাৰকৈ হ্ৰাস পাইছিল । যদিও এই হ্ৰাসৰ পিছত পেট্ৰ'ল প্ৰতি লিটাৰত মাত্ৰ ৬১ পইচা আৰু ডিজেলত ৬০ পইচাকৈ সস্তা হৈছিল । ফেব্ৰুৱাৰীৰ সময়চোৱাত পেট্ৰ'লৰ মূল্য ১৬ বাৰকৈ বৃদ্ধি হৈছিল । যিয়ে ইয়াক ৪.৭৪ টকা ব্যয়বহুল কৰি তুলিছিল। আনহাতে যদি ডিজেলৰ কথা কোৱা হয় তেন্তে ১৬ দিনৰ ভিতৰত মূল্য ৪.৫২ টকা বৃদ্ধি পাইছিল ।
প্ৰতিদিনে সলনি হয় ইন্ধনৰ মূল্য-
প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয় পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । নতুন মূল্য পুৱা ৬বজাৰ পৰা কাৰ্যকৰী হয় । পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত মূল্য প্ৰায় দুগুণ হৈ পৰে । বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্য কেনেধৰণৰ তাৰ ওপৰত নিৰ্ভৰ কৰি দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয় ।
এনেদৰে পৰীক্ষা কৰক পেট্ৰ'ল ডিজেলৰ মূল্য -
আপুনি SMSৰ জৰিয়তে পেট্ৰ'ল ডিজেলৰ মূল্য সম্পৰ্কে জানিব পাৰে। পেট্ৰ'ল ডিজেলৰ মূল্য দৈনিক পুৱা ৬ বজাত আপডেট কৰা হয়। ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি, আপুনি RSPৰ সৈতে আপোনাৰ চিটি কোড টাইপ কৰিব লাগিব আৰু ইয়াক নম্বৰ 9224992249লৈ প্ৰেৰণ কৰিব লাগিব । প্ৰতিখন চহৰৰ এটা পৃথক কোড থাকে । ইয়াক আপুনি IOCLৰ ৱেবছাইটৰ পৰা চাব পাৰে। আনহাতে, BPCL গ্ৰাহকে RSP লিখি 9223112222 আৰু HPCL গ্ৰাহকে HPPrice লিখি 9222201122 নম্বৰত SMS প্ৰেৰণ কৰি তেওঁৰ চহৰত পেট্ৰ'ল ডিজেলৰ মূল্য জানিব পাৰে ।
Published by: Kokil Sarma
FIRST PUBLISHED : April 12, 2021, 12:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।