পেট্ৰ’ল–ডিজেলৰ দাম (Petrol diesel Price today) ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। ৰাজধানী দিল্লীত পেট্ৰ’ল প্ৰতিলিটাৰত ৯৩ টকা অতিক্ৰম কৰিছে। আনহাতে, মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লত ১০০ টকাৰ ওচৰত পাইছেগৈ। আজি চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল–ডিজেলৰ দামত ১৫ৰ পৰা ৩১ পইচা প্ৰতিলিটাৰত বৃদ্ধি কৰিছে। বৰ্তমান সময়ত দেশৰ সকলো চহৰত ইন্ধনৰ মূল্য সকলো সময়ৰ শীৰ্ষত চলি আছে। কেৱল মে’ মাহতে দিল্লীত পেট্ৰ’লত ২.৬৯ টকা আৰু ডিজেলত ৩.০৭ টকা প্ৰতিলিটাৰত বৃদ্ধি পাইছে।
এই মাহত পেট্ৰ’লত ২.৬৯ আৰু ডিজেলত ৩.০৭ টকা বৃদ্ধি
নিৰ্বাচনৰ পিছৰে পৰা পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি পাই আহিছে। ১২বাৰকৈ বৃদ্ধি কৰা হৈছে পেট্ৰ’ল–ডিজেলৰ দাম।
আজিৰ দিনটোত কোন চহৰত কিমান দাম?
–– দিল্লীত পেট্ৰ’লত ১৯ পইচা বৃদ্ধি হৈ ৯৩.০৪ টকা আৰু ডিজেল ২৯ পইচা বৃদ্ধি হৈ ৮৩.৮০ টকা।
–– মুম্বাই প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৯.৩২ টকা আৰু ডিজেলৰ দাম ৯১.০১ টকা।
–– চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৪.৭১ টকা আৰু ডিজেলৰ দাম ৮৮.৬২টকা।
–– কলকাতাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৩.১১ টকা আৰু ডিজেলৰ দাম ৮৬.৬৪টকা।
–– ভূপালত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০১০.১১ টকা আৰু ডিজেলৰ দাম ৯২.২১ টকা।
–– লক্ষ্ণৌত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯০.৭২ টকা আৰু ডিজেলৰ দাম ৮৪.১৮টকা।
–– বেংগালুৰুত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৬.১৪ টকা আৰু ডিজেলৰ দাম ৮৮.৮৪টকা।
–– পাটনাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৫.২৩ টকা আৰু ডিজেলৰ দাম ৮৯.০৫টকা।
–– ৰাঁচীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৯.৯৩ টকা আৰু ডিজেলৰ দাম ৮৮.৫০ টকা।
–– জয়পুৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৯.৫০ টকা আৰু ডিজেলৰ দাম ৯২.৪৯টকা।
–– গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৯.৪৮ টকা আৰু ডিজেলৰ দাম ৮৪.২৬টকা।
প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয় দাম
পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয়। পুৱা ৬ বজাৰ পৰা নতুন দাম কাৰ্যকৰী হয়। পেট্ৰ’ল–ডিজেলৰ দামত এক্সাইজ ডিউটী, ডিলাৰ কমিচন আৰু আন কৰ আৰোপৰ ফলত ইয়াৰ দাম দুগুণ হয়গৈ
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|