হাইলাকান্দিত এক্সট্ৰা প্ৰিমিয়াম (Extra Premium) পেট্ৰ'লৰ মূল্য ১০০ টকাৰ ওপৰত। মাজুলী আৰু লখিমপুৰত পেট্ৰ'লৰ মূল্য ৯৭ টকাৰ ওপৰত। আজি ৰাজ্যখনৰ ১৭ খন জিলাত পেট্ৰ'লৰ মূল্য ৯৬ টকাৰ ওপৰত।
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জনতাৰ মূৰত ৰাম টাঙোন সোধাইছে ৷ দেশৰ ১১ ৰাজ্যত ইতিমধ্যে ১০০ পাৰ কৰিছে পেট্ৰ'ল-ডিজেলৰ মূল্য (Petrol-Diesel Price)ই। অসমতো অচিৰেই ১০০ৰ ঘৰ চুবলৈ গৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্যই। ইতিমধ্যেই হাইলাকান্দিত এক্সট্ৰা প্ৰিমিয়াম (Extra Premium) পেট্ৰ'লৰ মূল্য ১০০ টকা অতিক্ৰম কৰিছে। আজি ৰাজ্যখনৰ ১৭ খন জিলাত পেট্ৰ'লৰ মূল্য ৯৬ টকাৰ ওপৰত। মাজুলী আৰু লখিমপুৰত পেট্ৰ'লৰ মূল্য ৯৭ টকাৰ ওপৰত। মাজুলীত পেট্ৰ'লৰ দাম ৯৭.৪৫ টকা আৰু ডিজেলৰ দাম ৯০.৭০ টকা আৰু লখিমপুৰত পেট্ৰ'লৰ দাম ৯৭.১৪ টকা আৰু ডিজেলৰ দাম ৯০.৪৩ টকা। জানক ৰাজ্যখনৰ আন জিলাসমূহত ইন্ধনৰ কি দাম।
গুৱাহাটীত পেট্ৰ'লৰ দাম ৯৫.৪১ টকা আৰু ডিজেলৰ দাম ৮৮.৮১ টকা।
শিৱসাগৰত পেট্ৰ'লৰ দাম ৯৬.১৩ টকা আৰু ডিজেলৰ দাম ৮৯.৪৭টকা।
ডিব্ৰুগড়ত পেট্ৰ'লৰ দাম ৯৬.১০ টকা আৰু ডিজেলৰ দাম ৮৯.৪৫টকা।
হাইলাকান্দিত পেট্ৰ'লৰ দাম ৯৬.৬৪ টকা আৰু ডিজেলৰ দাম ৯০ টকা।
হোজাইত পেট্ৰ'লৰ দাম ৯৬.৭০ টকা আৰু ডিজেলৰ দাম ৯০.০৩টকা।
ধুবুৰীত পেট্ৰ'লৰ দাম ৯৬.৫৭ টকা আৰু ডিজেলৰ দাম ৮৯.৮৯টকা।
বিশ্বনাথত পেট্ৰ'লৰ দাম ৯৬.০৪ টকা আৰু ডিজেলৰ দাম ৮৯.৪১ টকা।
কাছাৰত পেট্ৰ'লৰ দাম ৯৬.১৭ টকা আৰু ডিজেলৰ দাম ৮৯.৫৭ টকা।
ধেমাজিত পেট্ৰ'লৰ দাম ৯৬.৬০ টকা আৰু ডিজেলৰ দাম ৮৯.৯১ টকা।
ডিমা হাছাওত পেট্ৰ'লৰ দাম ৯৬.৪০ টকা আৰু ডিজেলৰ দাম ৮৯.৮২ টকা।
গোৱালপাৰাত পেট্ৰ'লৰ দাম ৯৬.০৮ টকা আৰু ডিজেলৰ দাম ৮৯.৪৩ টকা।
কাৰ্বি আংলংত পেট্ৰ'লৰ দাম ৯৬.০৮ টকা আৰু ডিজেলৰ দাম ৮৯.৪৬ টকা।
কৰিমগঞ্জতত পেট্ৰ'লৰ দাম ৯৬.৪৯ টকা আৰু ডিজেলৰ দাম ৮৯.৮৬ টকা।
নগাঁওত পেট্ৰ'লৰ দাম ৯৬.৩৫ টকা আৰু ডিজেলৰ দাম ৮৯.৬৮ টকা।
ওদালগুৰিত পেট্ৰ'লৰ দাম ৯৬.৩৪ টকা আৰু ডিজেলৰ দাম ৮৯.৬৭ টকা।
পশ্চিম কাৰ্বি আংলঙত পেট্ৰ'লৰ দাম ৯৬.৮২ টকা আৰু ডিজেলৰ দাম ৯০.১৫ টকা।
বঙাইগাঁৱতো পেট্ৰ'লৰ দাম ৯৫.২৯ টকা আৰু ডিজেলৰ দাম ৮৮.৭০ টকালৈ বৃদ্ধি পাইছে ৷
ইন্ধনৰ মূল্যবৃদ্ধিয়ে চেঞ্চুৰীৰ দিশে অগ্ৰসৰ হোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইন্ধনৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে চৰকাৰক আহ্বান জনাইছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|