আন লক ৱানৰ এই সময়ছোৱাত বিগত দহ দিনৰ ৮ দিনেই পেট্ৰ’ল ডিজেলৰ দাম বৃদ্ধি কৰিলে চৰকাৰে। এই সংকটৰ মাজতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰাত ক্ষোভিত হৈছে সৰ্বসাধাৰণ লোক। পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত মালবাহী বা যাত্ৰীবাহী গাড়ীৰ ভাড়া বৃদ্ধি হোৱাৰ আশংকাই দেখা দিছে। উল্লেখযোগ্য যে কেইদিন মান পূৰ্বে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি কৰিছিল চৰকাৰে।