মে' মাহৰ পৰা ইন্ধনৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি হৈ আহিছে। যোৱা ২১ দিনত পেট্ৰ'লৰ প্ৰতি লিটাৰত ৪.৯৯ টকা বৃদ্ধি পাইছে। মে' মাহৰ পৰা ইন্ধনৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি হৈ আহিছে। যোৱা ২১ দিনত পেট্ৰ'লৰ প্ৰতি লিটাৰত ৪.৯৯ টকা বৃদ্ধি পাইছে। দৈনিক বৃদ্ধি হৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য। দেশৰ প্ৰতিখন চহৰতে অভিলেখ সৃষ্টিৰ দিশে অগ্ৰসৰ হৈছে পেট্ৰ'ল-ডিজেলৰ মূল্য। মুম্বাইত পেট্ৰ'ল প্ৰতি লিটাৰত প্ৰায় ১০২ টকাত উপনীত হৈছে যদিও কিছুমান চহৰত এই সংখ্যাটোও অতিক্ৰম হোৱা দেখা গৈছে। চৰকাৰী তেল কোম্পানীবোৰে পুনৰ ইন্ধনৰ মূল্য (Fuel Price) বৃদ্ধি কৰিছে। আজি পেট্ৰ'লৰ দাম প্ৰতিলিটাৰত ২৫ পইচা বৃদ্ধি কৰা হৈছে আনহাতে ডিজেলৰ দামো প্ৰতি লিটাৰত ২৫ পইচাকৈ বৃদ্ধি পাইছে।
সোমবাৰে পেট্ৰ'লৰ মূল্য ২৪-২৮ পইচা প্ৰতি লিটাৰ আৰু ডিজেলৰ মূল্য ২৬-২৮ পইচা প্ৰতি লিটাৰত বৃদ্ধি পাইছিল। মে' মাহৰ পৰা ইন্ধনৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি হৈ আহিছে। যোৱা ২১ দিনত পেট্ৰ'লৰ প্ৰতি লিটাৰত ৪.৯৯ টকা বৃদ্ধি পাইছে। আনহাতে, ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৫.৪৪ টকা বৃদ্ধি পাইছে।
আজি আপোনাৰ চহৰত পেট্ৰ'ল আৰু ডিজেলৰ দাম জানি লওক -
দিল্লী - প্ৰতি লিটাৰ পেট্ৰ'লত ৯৫.৫৬ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৬.৪৭ টকা।
মুম্বাই - প্ৰতি লিটাৰ পেট্ৰ'লত ১০১.৭৬ টকা, ডিজেল প্ৰতি লিটাৰত ৯৩.৮৫ টকা।
কলকাতা - প্ৰতি লিটাৰ পেট্ৰ'লত ৯৫.৫২ টকা, ডিজেল প্ৰতি লিটাৰত ৮৯.৩২ টকা।
চেন্নাই - প্ৰতি লিটাৰ পেট্ৰ'লত ৯৬.৯৪ টকা, ডিজেল প্ৰতি লিটাৰত ৯১.১৫ টকা।
জয়পুৰ - প্ৰতি লিটাৰ পেট্ৰ'লত ১০২.১৪ টকা, ডিজেল প্ৰতি লিটাৰত ৯৫.৩৭ টকা।
বেংগালুৰু - প্ৰতি লিটাৰ পেট্ৰ'লত ৯৮.৭৫ টকা, ডিজেল প্ৰতি লিটাৰত ৯১.৬৭ টকা।
নয়ডা - প্ৰতি লিটাৰ পেট্ৰ'লত ৯২.৯১ টকা, ডিজেল প্ৰতি লিটাৰত ৮৬.৯৫ টকা।
ভূপাল - প্ৰতি লিটাৰ পেট্ৰ'লত ১০৩.৭১ টকা, ডিজেল প্ৰতি লিটাৰত ৯৫.০৫ টকা।
গুৱাহাটী - প্ৰতি লিটাৰ পেট্ৰ'লত ৯১.৪৬ টকা, ডিজেল প্ৰতি লিটাৰত ৮৬.৩২ টকা।
প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয় দাম -
উল্লেখ্য যে, পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ দৈনিক পুৱা ৬ বজাত সলনি হয়। নতুন দাম পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হয়। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত এই মূল্য প্ৰায় দুগুণ হয়। বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত বা ক্ৰুড অইলৰ মূল্য কি তাৰ ওপৰত নিৰ্ভৰ কৰি দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয়।
এনেদৰে চাওক আপোনাৰ চহৰৰ মূল্য -
দেশৰ তিনিটা তেল বিপণন কোম্পানী HPCL, BPCL আৰু IOC এ পুৱা ৬ বজাৰ পিছত নতুন পেট্ৰ'ল-ডিজেলৰ দাম জাৰি কৰে। আপুনি নতুন হাৰৰ বাবে ৱেবছাইটলৈ গৈ তথ্য প্ৰাপ্ত কৰিব পাৰে। একে সময়তে, আপুনি মোবাইল ফোনত এছএমএছৰ জৰিয়তেও দাম পৰীক্ষা কৰিব পাৰে। আপুনি ৯২২৪৯ ৯২২৪৯ নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল ডিজেলৰ মূল্যৰ বিষয়েও জানিব পাৰে। আপুনি RSP<Space> পেট্ৰ'ল পাম্প ডিলাৰৰ কোড লিখি ৯২২৪৯ ৯২২৪৯ নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰিব লাগিব। যদি আপুনি দিল্লীত আছে আৰু বাৰ্তাৰ জৰিয়তে পেট্ৰ'ল-ডিজেলৰ মূল্য জানিব বিচাৰে, আপুনি RSP 102072 লিখিব লাগিব আৰু ইয়াক ৯২২৪৯ ৯২২৪৯ লৈ প্ৰেৰণ কৰিব লাগিব।
Published by: Sanjay Kumar Das
First published: June 09, 2021, 13:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|