বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৮ টকা আৰু ডিজেলত ৬ টকা শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৮ টকা আৰু ডিজেলত ৬ টকা শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।
পেট্ৰ’ল আৰু ডিজেলৰ শুল্ক হ্ৰাস কৰিলে কেন্দ্ৰীয় চৰকাৰে। ফলত ইন্ধনৰ দামৰ ক্ষেত্ৰত কিছু পৰিমাণে সকাহ পাব সাধাৰণ জনতাই। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৮ টকা আৰু ডিজেলত ৬ টকা শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।
২০২০ চনত শুল্ক বৃদ্ধিৰ ফলত পেট্ৰ’লৰ ওপৰ কেন্দ্ৰীয় কৰ বৃদ্ধি হৈ সৰ্বোচ্চ ৩২.৯ টকা প্ৰতিলিটাৰ আৰু ডিজেলৰ কৰ বাঢ়ি ৩১.৮ টকা প্ৰতিলিটাৰত হৈছিলগৈ। শনিবাৰৰ শুল্ক হ্ৰাসৰ ফলত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ৯.৫ টকা আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৭ টকা হ্ৰাস পাইছে।
মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম আছিল ১২০.৫১ টকা, ডিজেলৰ দাম আছিল ১০৪.৭৭ টকা। দেওবাৰৰ পৰা মুম্বাইত পেট্ৰ’লৰ দাম হ’ব প্ৰতিলিটাৰত ১১১.০১ টকা, ডিজেলৰ দাম হ’ব ৯৭.৭৭ টকা।
দিল্লীত পেট্ৰ’লৰ দাম হ’ব প্ৰতিলিটাৰত ৯৫.৯১ টকা আৰু ডিজেলৰ দাম হ’ব ৮৯.৬৭ টকা প্ৰতিলিটাৰত।
কলকাতাত দেওবাৰে পেট্ৰ’লৰ দাম ১১৫.১২ টকাৰ পৰা হ্ৰাস পাই ১০৫.৬২ টকা হৈছে। ডিজেলৰ দাম হৈছে ৯২.৮৩ টকা।
চেন্নাইত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত হ’ব ১০১.৩৫ টকা, ডিজেলৰ দাম হ’ব ১০০.৯৪ টকাৰ পৰা কমি ৯৩.৯৪ টকা।
গুৱাহাটীত আজি পেট্ৰ’লৰ দাম ৯.৯২ টকা হ্ৰাস হৈ ৯৬.১৭ টকা হৈছে। ডিজেলত ৭.৭৬ টকা হ্ৰাস হৈ ৮৪.০৮ টকা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|